অসমত নতুন ৰাজনৈতিক বিকল্পক লৈ হিমন্ত বিশ্বই ক’লে – ‘মুংগেৰীলালৰ হাছিন স্বপ্না’ নেদেখিব

News18 Assam | News18-Assam
Updated:December 29, 2019, 6:48 PM IST
অসমত নতুন ৰাজনৈতিক বিকল্পক লৈ হিমন্ত বিশ্বই ক’লে – ‘মুংগেৰীলালৰ হাছিন স্বপ্না’ নেদেখিব
আজি শুৱালকুছিৰ সভাত এই ৰাজনৈতিক বিকল্পৰ প্ৰসংগকো কটাক্ষ কৰে হিমন্ত বিশ্ব শৰ্মাই।

আজি শুৱালকুছিৰ সভাত এই ৰাজনৈতিক বিকল্পৰ প্ৰসংগকো কটাক্ষ কৰে হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:
অসমত এতিয়াও অব্যাহত আছে CAA বিৰোধী প্ৰতিবাদ। আছু, AJYCPকে ধৰি শিল্পী সমাজে ৰাজ্যৰ বিভিন্ন স্থানত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। প্ৰতিবাদত সহযোগ কৰিছে সৰ্বস্তৰৰ লোকে। গুৱাহাটীত শিল্পী সমাজৰ প্ৰতিবাদত উচ্চাৰিত হৈছিল এক নতুন ৰাজনৈতিক বিকল্পৰ প্ৰসংগ। অসমৰ জনতাৰ তীব্ৰ প্ৰতিবাদ–আন্দোলনৰ মাজতে বিজেপিয়ে গৃহীত কৰোৱাইছিল বিতৰ্কিত আইনখন। জনতাৰ আহ্বানক কাণসাৰ নিদিয়া ৰাজনৈতিক দলসমূহৰ বিপৰীতে এক বিকল্পৰ চিন্তাৰ উদ্ৰেগ ঘটিছিল। য’ত আগভাগ ল’বলৈ কোৱা হৈছিল জুবিন গাৰ্গ আৰু আছু নেতৃত্বক।

আজি শুৱালকুছিৰ সভাত এই ৰাজনৈতিক বিকল্পৰ প্ৰসংগকো কটাক্ষ কৰে হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে ক’লে – ‘মুংগেৰীলালৰ হাছিন স্বপ্না’ নেদেখিব। এতিয়া যি ৰাজনৈতিক দলৰ জন্ম দিয়াৰ কথা কৈছে, মই কৈছো সেই নেতাৰ অমানতৰ ধনো নাথাকিব।

‘চান্দা তুলি অসমৰ মানুহ নচলে, আন্দোলনে আমাক বহু পিছ পেলালে। জাপানৰ প্ৰধানমন্ত্ৰী শুৱালকুছিলৈ অহাৰ কথা আছিল, সেয়া বাৰণ কৰিলে। অসম আন্দোলনত সকলো অহাৰ পৰিৱেশ আছিল।’ – ক’লে হিমন্ত বিশ্ব শৰ্মাই। এই সভাতে হিমন্ত বিশ্ব শৰ্মাই ২০২১ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১০০খন আসন লাভ কৰিব বুলিও দাবী কৰে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
Published by: Sanjay Kumar Das
First published: December 29, 2019, 6:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading