মুখ্যপৃষ্ঠা » খবৰ

» অসম

»কংগ্ৰেছী মহললৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান- 'সামৰ্থ অনুযায়ী গহনা পিন্ধাৰ কৌটিল্য নীতি উপলব্ধি কৰক'

কংগ্ৰেছী মহললৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান- 'সামৰ্থ অনুযায়ী গহনা পিন্ধাৰ কৌটিল্য নীতি উপলব্ধি কৰক'

News18 Assam | News18-Assam
Updated:July 17, 2021, 9:26 AM IST
কংগ্ৰেছী মহললৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান- 'সামৰ্থ অনুযায়ী গহনা পিন্ধাৰ কৌটিল্য নীতি উপলব্ধি কৰক'
এইবাৰ অৰ্থনীতিবিদৰ ৰূপত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ক্ষুৰধাৰ সমালোচনা কৰিলে চিডাম্বৰম আৰু জয়ৰাম ৰমেশক 

এইবাৰ অৰ্থনীতিবিদৰ ৰূপত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ক্ষুৰধাৰ সমালোচনা কৰিলে চিডাম্বৰম আৰু জয়ৰাম ৰমেশক 

  • Share this:
এইবাৰ অৰ্থনীতিবিদৰ ৰূপত দেখা পোৱা গ’ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।  প্রধানমন্ত্রীৰ নৰেন্দ্র মোদীৰ অৰ্থনৈতিক নীতিক ‘hoax’ আখ্যা দিয়া প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীদ্বয় পি চিডাম্বৰম আৰু জয়ৰাম ৰমেশক ক্ষুৰধাৰ সমালোচনা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শুকুৰবাৰে দিল্লীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ সম্পাদকীয় পৃষ্ঠাত এটা প্ৰবন্ধ লিখি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ দলৰ অৰ্থনীতিবিদ সকলক পশ্চিমীয়া অৰ্থনীতি পৰিহাৰ কৰি ভাৰতীয় অৰ্থনীতিৰ তত্বসমূহ অধ্যয়ন কৰিবলৈ উপদেশ দিয়ে। তেওঁ “সামৰ্থ অনুযায়ী গহনা পিন্ধাৰ” কৌটিল্য নীতি কংগ্ৰেছী সকলক উপলব্ধি কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে, কৌটিল্যই ব্যয়মুখী কার্যতকৈ উৎপাদনমুখী কাৰ্যৰ কাৰণে ঋণ প্ৰদানৰ পোষকতা কৰিছিল।

লিখনিটোত মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰে ২০০৮চনৰ পৰা ২০১২চনলৈকে বিশ্ব অৰ্থনীতিৰ মন্দাৱস্থাৰ সময়ত গ্ৰহণ কৰা নীতিৰ লগত মোদী চৰকাৰে মহামাৰীয়ে সৃষ্টি কৰা পৰিবেশ প্ৰতিহত কৰিবলৈ গ্ৰহণ কৰা নীতিৰ এক তুলনামূলক অধ্যয়ন আগবঢ়ায় । এই সন্দৰ্ভত তেওঁ মোদী চৰকাৰৰ ৮০কোটি লোকক বিনামূলীয়া খাদ্য শস্য বিতৰণৰ নীতিত আলোকপাত কৰে। লগতে তেওঁ মোদী চৰকাৰখনে অৰ্থনৈতিক গতি-বধি তৰান্বিত কৰিবলৈ গ্ৰহণ কৰা ৫.৬লাখ কোটি টকাৰ ঋণ প্ৰদানৰ কাৰ্যসূচীৰো শলাগ লয়। এই নীতি সমূহে দৰিদ্ৰতা নিৰ্মূলত ইন্ধন যোগাব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইয়াৰ পৰিৱৰ্তে কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ অৰ্থনৈতিক নীতিৰ মূল ভেটি আছিল অদৰকাৰী চৰকাৰী খৰচ। যাৰ ফলত আয় হ্ৰাস পাইছিল আৰু ধাৰ বৃদ্ধি পাইছিল। মোদী চৰকাৰৰ নীতি এক আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত অগ্ৰসৰ হৈছে আৰু ইয়াৰ বিপৰীতে কংগ্ৰেছৰ নীতিয়ে নিৰ্ভৰশীল অৰ্থনীতিত সাৰ পানী যোগাইছিল বুলি মন্তব্য কৰে শৰ্মাই। ইয়াৰ ফলতে কংগ্ৰেছ দলে ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত মুখ থেকেচা খাইছিল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে শৰ্মাই ।

অন্যহাতে শৰ্মাই কয়, 'অৰ্থনৈতিক গতিবধিৰ “Credit” হৈছে জীৱনৰেখা। ক্ষুদ্ৰ ব্যৱসায়িক কেঁচামাল কিনিবলৈ ঋণ প্ৰদান কৰিলেহে অৰ্থনীতিয়ে গতিশীলতা লাভ কৰে আৰু কৰ্মচাৰীক দৰমহা প্ৰদান কৰিবলৈ সক্ষম হয়। সেয়ে তেওঁ কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ Emergency Credit Line Guarantee Schemeৰ শলাগ লয়। এই নীতিৰ দ্বাৰা ১.১কোটি ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ী লাভান্বিত হৈছে বুলিও মন্তব্য কৰে শৰ্মাই ।

কংগ্ৰেছৰ চৰকাৰখনে কেৱল উদ্যোগপতিকহে ঋণ প্ৰদান কৰিছিল বুলি মন্তব্য কৰি শৰ্মাই কয়, সেই পদ্ধতিৰে সমাজৰ তলৰ বৰ্গৰ অৰ্থনৈতিক উত্তৰণ সম্ভৱ হোৱা নাছিল ।
Published by: Himangshu Bhuyan
First published: July 17, 2021, 9:26 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি