মিঞা মিউজিয়াম, মিঞা কবিতা, আৰবী ভাষাৰ বেনাৰৰ প্ৰসংগত ধেমাজিত সৰব হ’ল হিমন্ত বিশ্ব শৰ্মা ৷ আৰবৰ পৰা পাকিস্তান, বাংলাদেশ হৈ আমাৰ সভ্যতাৰ ওপৰত আক্ৰম চলিছে ৷ তেওঁলোকে একে সুৰত কথা কয়। কিন্তু আমি অসমীয়া জাতি আজি বহুধা বিভক্ত ৷ আমি ব্ৰাক্ষণ, কোঁচ, কলিতা, আহোম, কছাৰী আদিত লাগি আছো ৷ আমি অসমীয়া জাতি ইমান দুৰ্বল হৈ পৰা নাই যে, বদৰুদ্দিন আজমল, শ্বেৰমান আলী, ৰকিবুল হুছেইনৰ পৰামৰ্শ মতে চলিম ৷’ আহোম স্বৰ্গদেউ চুক্যাফাৰ দ্বিতীয় ৰাজধানী ধেমাজিৰ ঐতিহাসিক হাবুঙত পূজা অৰ্চনা আগবঢ়াই মন্ত্ৰী হিমন্ত বিশ্বই এনে বহু বিস্ফোৰক মন্তব্য কৰে।
ইফালে স্বৰ্গদেউ চুক্যাফাই পতা আহোমসকলৰ দ্বিতীয় ৰাজধানী ঐতিহ্যমণ্ডিত হাবুঙৰ উন্নয়নৰ বাবে ডেৰ কোটি টকা আগবঢ়োৱাৰ কথা উল্লেখ কৰি হাবুঙক পৰ্যটন আৰু উপাসনাথলী হিচাপে গঢ়ি তোলাৰ কথা ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ লগতে মন্ত্ৰীজনে হাবুঙৰ কাষতে আহোমসকলৰ ঐতিহ্য আৰু পৰম্পৰাৰ সমাহাৰ ঘটা এক পৰ্যটনমূলক ‘এথেনিক’ গাওঁ গঢ়ি তোলাৰ কথাও উল্লেখ কৰে।
আনহাতে হিমন্ত বিশ্বৰ হাবুঙ ভ্ৰমনত দেখা নগ’ল কোভিড প্ৰট’কলৰ কোনো নীতি নিয়ম ৷ মাস্ক নিপিন্ধি, সামাজিক দূৰত্ব মানি নচলাকৈয়ে ভীৰ দেখা গ’ল সততে কোভিড প্ৰট’কল মানি চলিবলৈ সকলোকে কঠোৰ নিৰ্দেশনা দিয়া স্বাস্থ্যমন্ত্ৰীয়ে অংশ লোৱা জনসভাত।