• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘এইবাৰ হ’ব দুটা সভ্যতাৰ মাজত যুঁজ’- হিমন্ত বিশ্ব শৰ্মাৰ মুখত লাভ জেহাদ আৰু মহিলা সুৰক্ষাৰ কথা

‘এইবাৰ হ’ব দুটা সভ্যতাৰ মাজত যুঁজ’- হিমন্ত বিশ্ব শৰ্মাৰ মুখত লাভ জেহাদ আৰু মহিলা সুৰক্ষাৰ কথা

‘আমি এচাম লোকক অসন্তুষ্ট কৰিব লাগিব’- মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘আমি এচাম লোকক অসন্তুষ্ট কৰিব লাগিব’- মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘আমি এচাম লোকক অসন্তুষ্ট কৰিব লাগিব’- মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

  • Share this:
শনিবাৰৰ পৰা শিৱসাগৰত অনুষ্ঠিত হৈছে বিজেপিৰ যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা। আজি অন্তিম দিনা অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ স্বাস্থ্য, শিক্ষা, বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।  আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত পুনৰ শুনিবলৈ পোৱা গ’ল উদাত্ত ভাষণ।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে, আগন্তুক ৰাজ্যৰ বিধানসভা নিৰ্বাচন হ’ব সভ্যতাৰ যুঁজ। এটা সভ্যতাক অসন্তুষ্ট কৰিবই লাগিব বুলিও ভাষণত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰী শৰ্মাই কয় যে, ‘এচাম লোকক অসন্তুষ্ট কৰি কাজিৰঙাৰ গঁড় হত্যা, শংকৰদেৱৰ জন্মস্থানৰ পৰা তেওঁলোকক নিজৰ ঘৰলৈ পঠিয়াব লাগিব। কোনোবাই বেয়া পালেও আমি ভাৰতীয় সভ্যতা সংস্কৃতিৰ কথা ক’ব লাগিব। আগ্ৰাসনৰ বিৰুদ্ধে জনজাতীয় লোক, মূল সুঁতিৰ অসমীয়া আৰু ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি অসমীয়া সভ্যতা-সংস্কৃতি গ্ৰহণ কৰা সকলে একেলগে প্ৰাচীৰ হিচাপে থিয় দিব লাগিব।’

নিৰ্বাচনৰ পূৰ্বে আকৌ মন্ত্ৰী শৰ্মাৰ মুখত অৰ্ণমাই বৰা ধৰ্ষণ কাণ্ডৰ কথা

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এটা সভ্যতাই ক’ব ভাগৱত গীতা আমি বুজি নাপাও, ফেচবুকত হিন্দু ল’ৰাৰ নাম লৈ বাৰে বাৰে আমাৰ ছোৱালী সকলক মাতি নি অপমানিত কৰিব লাগে, লাভ জেহাদৰ দৰে কু-কৰ্ম কৰিব লাগে।’

‘এটা সভ্যতাই ক’ব মানুহৰ জীৱনৰ মূল্য নাই। অৰ্ণমাই বৰাৰ দৰে শিক্ষয়ত্ৰীক বাৰে বাৰে ৰাজপথত তেওঁলোকে অপমানিত কৰিব লাগে। জীৱন শেষ কৰিব লাগে।  কিন্তু ইয়াৰ বিৰুদ্ধে আন এটা সভ্যতা থাকিব। যিয়ে ক’ব, মহাপুৰুষ শংকৰদেৱৰ পবিত্ৰ জন্মভূমিত আমি তোমালোকক থিয় হ’বলৈয়ে নিদিও। কাজিৰঙাৰ গঁড় কেইটাৰফালে তোমালোকে চকুমেলি চাব নোৱাৰিবা।’

‘আমাৰ ছোৱালীক ফেচবুকত হিন্দু ল’ৰৰা নাম লৈ অপবিত্ৰ কৰাৰ অধিকাৰ তোমালোকক দিব নোৱাৰো। অৰ্ণমাই বৰাৰ দৰে শিক্ষয়ত্ৰীৰ সতীত্ব নষ্ট কৰিলে ফাঁচি কাঠত ওলমিব লাগিব। আৰু আমি সেই সভ্যতাৰ পৃষ্ঠপোষক। এই যুদ্ধ সভ্যতাৰ যুদ্ধ। কোন মুখ্যমন্ত্ৰী হ’ব  তাৰ যুদ্ধ নহয়। দুই সভ্যতাৰ যুদ্ধ। ৰাষ্ট্ৰনিৰ্মাণৰ যুদ্ধ। আমাৰ  সভ্যতা বিজ.য়ী হ’ব লাগিব।’-এনেদৰে নিজৰ ভাষণ আগবঢ়াই মন্ত্ৰী শৰ্মাই।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি