কেতিয়া আহিব কোৰোণাৰ ভেকচিন, সংবাদমেলত ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

News18 Assam | News18-Assam
Updated:October 13, 2020, 1:53 PM IST
কেতিয়া আহিব কোৰোণাৰ ভেকচিন, সংবাদমেলত ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
হিমন্ত বিশ্ব শৰ্মাই কয় যে সন্মুখত থকা লোকসকলক এই ভেকচিন প্ৰথমে দিয়া হ’ব। তিনিবিধ ভেকচিনৰ কথা আলোচনা হৈ আছে।

হিমন্ত বিশ্ব শৰ্মাই কয় যে সন্মুখত থকা লোকসকলক এই ভেকচিন প্ৰথমে দিয়া হ’ব। তিনিবিধ ভেকচিনৰ কথা আলোচনা হৈ আছে।

  • Share this:
ভাৰতত এতিয়াও শেষ হোৱা নাই কোৰোণা ভাইৰাছৰ প্ৰকোপ। প্ৰতিদিনেই বহু লোক আক্ৰান্ত হৈছে কোৰোণাত। অৱশ্যে তাৰ বিপৰীতে ৰিক’ভাৰী ৰেট যথেষ্ট ভাল। কিন্তু সকলোৰে মনত এটাই প্ৰশ্ন – কেতিয়ালৈ আহিব কোৰোণা ভাইৰাছৰ ভেকচিন?

আজি এক সংবাদমেলত এই প্ৰশ্নৰ উত্তৰ দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কয় যে ভাৰতে জানুৱাৰী মাহৰ পৰা ভেকচিন দিয়া আৰম্ভ কৰিব। আমাক জানুৱাৰীৰ পৰা জুনৰ ভিতৰত সাজু হ’বলৈ কৈছে। এই বিষয়ে ভাৰত চৰকাৰ সৈতে আমাৰ ভিডিঅ’ কনফাৰেন্স হৈছে। সন্মুখত থকা লোকসকলক এই ভেকচিন প্ৰথমে দিয়া হ’ব। তিনিবিধ ভেকচিনৰ কথা আলোচনা হৈ আছে।

‘কোভিড পজিটিভৰ ৰেট কমি গৈছে, যিটো হাৰ জুলাই বা আগষ্টত পাইছিলো, সেই হাৰ এতিয়া নাই। ৰিক’ভাৰী ৰেট ৮৫% আমি পাইছো। আজিলৈকে ৪০লাখ লোকৰ টেষ্ট সম্পন্ন হ’ব। অসমৰ দৰে ৰাজ্যৰ বাবে ডাঙৰ কথা। যদি কেইসপ্তাহমান সকলো নিয়ম মানি চলিব পাৰো তেনেহ’লে আমি জয়ী হ’ম। প্ৰত্যক দিনাই ৩০ হাজাৰ টেষ্ট গড়ে কৰা হৈছে। যদি এনেদৰে কৰা হয়, তেন্তে কোৰোণাৰ দ্বিতীয় স্তৰ নাহে অসমত। শীতকালত কোভিডৰ দ্বিতীয় ৱেভ আহিব পাৰে। গতিকে পূজাৰ সময়ত আমি সাৱধানতা অৱলম্বন কৰিব লাগিব।’ – ক’লে হিমন্ত বিশ্ব শৰ্মাই।
Published by: Sanjay Kumar Das
First published: October 13, 2020, 1:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading