মুখ্যপৃষ্ঠা » খবৰ

» অসম

»'কংগ্ৰেছৰ বহু বিধায়কৰ শৰীৰটোহে কংগ্ৰেছত আছে, আত্মাটো মোৰ লগত আছে'- কি ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে?

'কংগ্ৰেছৰ বহু বিধায়কৰ শৰীৰটোহে কংগ্ৰেছত আছে, আত্মাটো মোৰ লগত আছে'- কি ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে?

News18 Assam | News18-Assam
Updated:August 5, 2021, 3:06 PM IST
'কংগ্ৰেছৰ বহু বিধায়কৰ শৰীৰটোহে কংগ্ৰেছত আছে, আত্মাটো মোৰ লগত আছে'- কি ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে?
বৃহস্পতিবাৰে এই  তাত্‍পৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বৃহস্পতিবাৰে এই  তাত্‍পৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:
'কংগ্ৰেছৰ সকলো বিধায়ক বিজেপিলৈ আহিবলৈ বিচাৰি আছে। তেওঁলোকৰ শৰীৰটোহে কংগ্ৰেছত আছে। আত্মাটো মোৰ লগত আছে। পৰাজিত হোৱাৰ ভয়তহে কিছু সংখ্যক এতিয়াও কংগ্ৰেছত আছে। সংখ্যালঘূ এলেকাত বিজেপিত ভোট দিয়া আৰম্ভ হলেই সকলো গুছি আহিব বিজেপিলৈ।'- বৃহস্পতিবাৰে এই  তাত্‍পৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, ৰূপজ্যেতি কুৰ্মীৰ পিছত থাওৰাৰ সদ্য প্ৰাক্তন কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোঁহাই বিজেপিমুখী হোৱাৰ পিছত তিতাবৰ আৰু বটদ্ৰৱাৰ কংগ্ৰেছী বিধায়কদ্বয় ভাস্কৰ বৰুৱা আৰু শিৱামণি বৰাই শীঘ্ৰে কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ আহিব বুলি বিভিন্ন মহলত চৰ্চা চলি থকাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ বিধায়কসকলৰ সন্দৰ্ভত েই মন্তব্য কৰে।

কংগ্ৰেছৰ বিধায়কসকলৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা এই মন্তব্যৰ প্ৰত্যুত্তৰ কংগ্ৰেছে কিদৰে দিয়ে সেই ক্ষেত্ৰত দৃষ্টি ৰাখিছে সকলোৱে। আনফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিৰোধী শিৱিৰত থকা নিজৰ একান্ত অনুগত বিধায়কসকলক বিজেপিত যোগদান কৰাই নিজৰ হাত শক্তিশালী কৰিব বিচাৰিছে বুলিও একাংশই মন্তব্য কৰা দেখা গৈছে।
Published by: Himangshu Bhuyan
First published: August 5, 2021, 3:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি