মুখ্যপৃষ্ঠা »খবৰ »অসম »অসমৰ দৰে ৰাজ্যত ১০০ শতাংশ পুঁজি ব্যৱহাৰ কৰাটো অসম্ভৱঃ হিমন্ত বিশ্ব শৰ্মা

অসমৰ দৰে ৰাজ্যত ১০০ শতাংশ পুঁজি ব্যৱহাৰ কৰাটো অসম্ভৱঃ হিমন্ত বিশ্ব শৰ্মা

নতুনকৈ নিৰ্মান হ’বলগীয়া গুৱাহাটী সন্মিলন কেন্দ্ৰত অনুষ্ঠিত কৰা বিক্ষৰোপন কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

  • Share this:
    নতুনকৈ নিৰ্মান হ’বলগীয়া গুৱাহাটী সন্মিলন কেন্দ্ৰ তথা ৰাজ্যিক অতিথিশালাৰ প্ৰাংগনত বৃক্ষৰোপন কাৰ্যসূচীত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।লগতে উপস্থিত আছে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিত পেগু।কেনেকুৱা হব ৰাজ্যিক অতিথিশালা,সেই সমূহ দিশ পৰ্যবেক্ষণ কৰে মন্ত্ৰীজনে।

    অনুষ্ঠানত সাংবাদিকৰ সৈতে হোৱা মুখামুখিত  বিত্ত বিভাগক ওপৰত কেগে প্ৰকাশ কৰা শেহতীয়া প্ৰতিবেদনকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী শৰ্মাৰ মতে কংগ্ৰেছৰ শাসন কালতকৈ বি জে পি দিনত বৃদ্ধি হৈছে পুঁজিৰ ব্যৱহাৰ। কংগ্ৰেছৰ দিনত পুঁজি ব্যৱহাৰৰ শতাংশ আছিল 40 বৰ্তমান এই পুঁজি ব্যৱহাৰ 70 শতাংশ হৈছে। ফলত চৰকাৰক পুৰস্কাৰ দিব লাগে বুলি উল্লেখ কৰে মন্ত্ৰীজনে। লগতে ৰাজ্যৰ বিত্ত, গড়কাপ্তানী বিভাগৰ মন্ত্ৰীজনে অসমৰ দৰে ৰাজ্যত 100 শতাংশ পুঁজি ব্যৱহাৰ কৰাটো অসম্ভৱ বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। উল্লেখযোগ্য যে কাইলৈ বিধানসভাত বিত্ত বিভাগৰ ফালৰ পৰা দাখিল কৰা হ’ব সম্পূৰ্ণ প্ৰতিবেদন।

    শেহতীয়া বাতৰি