বিটিচিৰ নিৰ্বাচনৰ পূৰ্বে এতিয়া বিপিএফ দলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
বিটিচিৰ নিৰ্বাচনৰ পূৰ্বে এতিয়া বিপিএফ দলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
বিটিচিৰ নিৰ্বাচনৰ পূৰ্বে এতিয়া বিপিএফ দলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে মথনগুৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বেলগুৰীত বিজেপিৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘বিটিচিত শ্ৰমিকৰ জবকাৰ্ড, বৃদ্ধ পেঞ্চনকে ধৰি দৰিদ্ৰ লোকৰ আৱাস গৃহৰ নামত বি পি এফ দলে ব্যাপক দুৰ্নীতি কৰাৰ কথাবোৰ যদি সত্য হয় ইয়াতকৈ ডাঙৰ পাপ একো হব নোৱাৰে ৷’
লগতে এইবাৰ বিজেপিয়ে কোকৰাঝাৰত চৰকাৰ গঠন কৰাৰ পিছত বিটিচিৰ ভিচিডিচি সমূহ সাত দিনৰ ভিতৰত ভংগ কৰি দিয়াৰ কথা উল্লেখ কৰি গাঁৱৰ ৰাইজৰ দ্বাৰা ভিচিডিচি সমূহৰ নিৰ্বাচন অনুষ্ঠিত কৰি গণতন্ত্ৰৰ প্ৰতিষ্ঠা কৰাৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷
বিটিচিত যদি ব্যাপক দুৰ্নীতি সংঘটিত হৈছে, তেন্তে ৰাজ্যপালৰ শাসন চলি থকাৰ সময়ত কিয় বিটিচিৰ দুৰ্নীতিৰ তদন্ত কৰা নহ’ল বুলি প্ৰশ্ন কৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘দুৰ্নীতি কৰাৰ গোচৰ পঞ্জীয়ন হৈছে কিন্তু নিৰ্বাচনৰ পূৰ্বে দুৰ্নীতিৰ তদন্ত কৰিলে ৰাইজে প্ৰতিশোধ পৰায়ণ লোৱা বুলি ভাবিব সেয়েহে তদন্ত কৰা নাই।’ ৰাইজৰ আদালতত প্ৰথম শাস্তি পোৱাৰ পাছত চৰকাৰী আদালতত শাস্তি দিয়াৰ কথাও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷
ইপিনে আগন্তুক নিৰ্বাচনত মহাজোঁটে ক্ষতি কৰিব নেকি বুলি সোধা আন এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয়, ‘মই মহাজোঁট নাচাও ৷ মই মাত্ৰ সেৱা কৰিবলৈ ৰাইজৰ ভৰিৰ ফালে চাই থাকো। ৰাইজৰ আশীৰ্বাদহে মোক লাগে।
মন্ত্ৰী হিমন্ত শৰ্মা বিটিচিৰ চীফ হোৱাৰ মন মেলিছে বুলি হাগ্ৰামা মহিলাৰীয়ে অনা অভিযোগৰ প্ৰত্যুত্তৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘হাগ্ৰামাই প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছে ৷ হাগ্ৰামাৰ ফুটবলৰ এতিয়া পাম্প গ’ল। বিটিচিত বাহিৰৰ মানুহে মাটি ক্ৰয় কৰিব নোৱাৰাৰ নিয়ম কৰা আছে। বিটিচিক বেলেগ এটা দুনীয়া বনাই থৈছে হাগ্ৰামাই ৷’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|