‘‘কোনে কৈছে ৰাজ্যত পুনৰ মহামাৰীৰ ৰূপ লৈছে কোভিড০১৯–এ৷ এয়া মিছা কথা, ভিক্তিহীন৷ ৰাজ্যত ক’তো কোভিড নাই৷ আছে যদি দুই এজনৰ আছে৷ য’ত হাজাৰ হাজাৰ লোকৰ কোভিডৰ সংক্ৰমণৰ সময়ত ভয় কৰা নাছিলো, এতিয়া কিহৰ ভয়৷’’ – এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
‘‘ৰাজ্যত এইবাৰ পূৰ্বৰ দৰেই হোলী, বিহু উদযাপন কৰিব পাৰিব৷ হোলী, বিহু উদযাপন কৰাত বাধা নাই৷ বিহু উদযাপন নকৰিলে শিল্পীসকলৰ বহুত সমস্যা হয়৷ শিল্পীৰ পেটৰ ভাতৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব৷ সেয়ে উৎসৱ উদযাপন হ’ব৷ অৱশ্যে নিজকে বচাই ৰখাৰ স্বাৰ্থত কোভিডৰ নীতি নিয়ম পালন কৰিব লাগিব।’’ – ক’লে মন্ত্ৰীগৰাকীয়ে।
হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘নিৰ্বাচনী সভা হ’ব পাৰিলে বিহুও হ’ব লাগিব। লকডাউনৰ কোনো সম্ভাৱনা নাই অসমত।’’
এটাও পঢ়ক :
ৰেষ্টুৰেণ্টৰ বাথৰুমৰ পৰা পেণ্ট নিপিন্ধাকৈয়ে ওলাই আহিল মালাইকা, তাৰ পিছত...Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|