'লুৰিণজ্যোতি গগৈৰ ভাল ৰাজনৈতিক ভৱিষ্যত আছে'- অখিল গগৈৰ সন্দৰ্ভতো মন্তব্য কৰিলে হিমন্ত বিশ্ব শৰ্মাই

News18 Assam | News18-Assam
Updated:May 3, 2021, 1:53 PM IST
'লুৰিণজ্যোতি গগৈৰ ভাল ৰাজনৈতিক ভৱিষ্যত আছে'- অখিল গগৈৰ সন্দৰ্ভতো মন্তব্য কৰিলে হিমন্ত বিশ্ব শৰ্মাই
দেওবাৰে ঘোষণা কৰা হ'ল অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। ৭৫ খন আসন জয়েৰে বিজেপি মিত্ৰজোঁটে ৰাজ্যত পৰৱৰ্তী চৰকাৰ গঠন কৰাটো প্ৰায় নিশ্চিত হৈ পৰিল।

দেওবাৰে ঘোষণা কৰা হ'ল অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। ৭৫ খন আসন জয়েৰে বিজেপি মিত্ৰজোঁটে ৰাজ্যত পৰৱৰ্তী চৰকাৰ গঠন কৰাটো প্ৰায় নিশ্চিত হৈ পৰিল।

  • Share this:
দেওবাৰে ঘোষণা কৰা হ'ল অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। ৭৫ খন আসন জয়েৰে বিজেপি মিত্ৰজোঁটে ৰাজ্যত পৰৱৰ্তী চৰকাৰ গঠন কৰাটো প্ৰায় নিশ্চিত হৈ পৰিল। প্ৰথমবাৰলৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি অসম জাতীয় পৰিষদে এখনো আসন দখল কৰিবলৈ সক্ষম নহ'ল। নাহৰকটীয়া আৰু দুলীয়াজান সমষ্টিত জাতীয় পৰিষদৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়োৱা দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে পৰাজয়বৰণ কৰিলে। যুৱ ৰাজনীতিকগৰাকীৰ পৰাজয়ৰ পিছত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

হিমন্ত বিশ্ব শৰ্মাই কয় যে, 'লুৰিণজ্যেতি গগৈৰ ভাল ভৱিষ্যত আছে। এটা দলক দুই তিনি মাহতে নেতৃত্ব দি জিকা ইমান সহজ নহয়। পৰাজয়ৰ পিছতো তেওঁ ৰাজনীতিত থাকিব লাগে। অসমৰ ৰাইজক সেৱা আগবঢ়াব লাগে।'

আনহাতে শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াই জয়লাভ কৰা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সন্দৰ্ভতো বিশেষ মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কয় যে, 'ছাত্ৰ তথা সংগ্ৰামী ৰাজনীতিৰ পৰা সংসদীয় ৰাজনীতিত তেওঁ ভৰি দিছে। মই আশা কৰিম,  ইমান দিনে তেওঁ কৰা অসংসদীয় কামৰ পৰা তেওঁৰ উত্তৰণ হওক। ভাল বিৰোধীৰ ভুমিকা গ্ৰহণ কৰক। আমি যাতে অসমৰ বুকুত ৰাস্তা জ্বলোৱা, টায়াৰ জ্বলোৱা কাম দেখিবলৈ নাপাও। অসমত বিকাশৰ ৰাজনীতি হওক।'
Published by: Himangshu Bhuyan
First published: May 3, 2021, 1:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি