‘বিপিএফ এতিয়া পাম যোৱা চকা, আগতে বিজেপিয়ে পাম দি আছিল, এতিয়া বন্ধ কৰিছে’

হিমন্ত বিশ্ব শৰ্মাৰ সদম্ভ ঘোষণা – বিগত পোন্ধৰটা বছৰে উন্নয়নৰ পুঁজি আত্মসাৎ কৰি ৰাইজক বঞ্চনা কৰা বিপিএফ এইবাৰ উৎখাত হ’বই৷
হিমন্ত বিশ্ব শৰ্মাৰ সদম্ভ ঘোষণা – বিগত পোন্ধৰটা বছৰে উন্নয়নৰ পুঁজি আত্মসাৎ কৰি ৰাইজক বঞ্চনা কৰা বিপিএফ এইবাৰ উৎখাত হ’বই৷
- News18 Assam
- Last Updated: November 17, 2020, 4:20 PM IST
বাকযুদ্ধৰে ক্ৰমাৎ বিটিআৰৰ নিৰ্বাচনী বতাহ গৰম হৈ উঠাৰ সময়তে আজি ৰাজ্যৰ অন্যতম প্ৰভাৱশালী শিক্ষা, স্বাস্থ্য তথা বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সদম্ভ ঘোষণা – বিগত পোন্ধৰটা বছৰে উন্নয়নৰ পুঁজি আত্মসাৎ কৰি ৰাইজক বঞ্চনা কৰা বিপিএফ এইবাৰ উৎখাত হ’বই৷
ইমান বছৰে বিটিচিত শাসন চলোৱা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফে সকলো জাতি–জনগোষ্ঠীৰ সম অধিকাৰ, সম বিতৰণ আৰু সম উন্নয়নৰ নামত দুৰ্নীতিৰ পাহাৰ গঢ়িলে৷ জবকাৰ্ডৰ নামত, বৃদ্ধ আৰু বিধৱাসকলৰ পেঞ্চনৰ নামত, প্ৰধানমন্ত্ৰী গ্ৰাম্য আৱাস যোজনাৰ নামত, আত্মসহায়ক গোটৰ নামত, ম্যাদি পট্টা প্ৰদান, চৰকাৰী চাকৰি প্ৰদান আদি সকলোতে টকা উৎকোচ নিদিলেই নহয়৷ বিটিআৰৰ নিৰ্বাচনী প্ৰচাৰ সময়ত এই কথা উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মা।