হোম কোৱাৰেণ্টাইনত থকা সকলক নিৰীক্ষণৰ বাবে বিশেষ ‘ম’বাইল এপ’, সময়ে সময়ে পঠাব লাগিব চেলফীও

News18 Assam | News18-Assam
Updated:June 6, 2020, 11:19 PM IST
হোম কোৱাৰেণ্টাইনত থকা সকলক নিৰীক্ষণৰ বাবে বিশেষ ‘ম’বাইল এপ’, সময়ে সময়ে পঠাব লাগিব চেলফীও
হোম কোৱাৰেণ্টাইনত থকা লোকসকলক কঠোৰ নিৰীক্ষণত ৰাখিবলৈ ব্যৱহাৰ কৰা হ’ব এটা বিশেষ এপ ।

হোম কোৱাৰেণ্টাইনত থকা লোকসকলক কঠোৰ নিৰীক্ষণত ৰাখিবলৈ ব্যৱহাৰ কৰা হ’ব এটা বিশেষ এপ ।

  • Share this:
হোম কোৱাৰেণ্টাইনত থকা লোকসকলক কঠোৰ নিৰীক্ষণত ৰাখিবলৈ ব্যৱহাৰ কৰা হ’ব এটা বিশেষ এপ । জিঅ'ফেন্সিঙৰ ব্যৱস্থা থকা এই এপটো যোৰহাটত মুকলি কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত নিৰ্মাণ কৰি উলিওৱা হৈছে এই বিশেষ 'এপ'টো । হোম কোৱাৰেণ্টাইনত থকা লোকসকলক এতিয়াৰে পৰা এই ম’বাইল এপটোৰ জৰিয়তে কঠোৰ নিৰীক্ষণত ৰখা হ’ব। স্বাস্থ্যমন্ত্ৰী  ড৹ হিমন্ত বিশ্ব শৰ্মাই  শনিবাৰে বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ বাবে যোৰহাটৰ চ্যুকাফা সমন্বয় ক্ষেত্ৰত স্থাপন কৰা অস্থায়ী জ'নেল স্ক্ৰীণিং কেন্দ্ৰটো পৰিদৰ্শন কৰি কাম কাজৰ বুজ লোৱাৰ লগতে স্ক্ৰীণিং কেন্দ্ৰটোত ‘কোভিড সুৰক্ষা’ নামৰ এই বিশেষ এপটো মুকলি কৰে ৷ এই এপটোৰ জৰিয়তে কোৱাৰেণ্টাইনত থকা লোকসকলৰ বাবে ১৫০ মিটাৰৰ জিঅ'ফেন্সিঙৰ ব্যৱস্থাৰ লগতে প্ৰতিজন লোকৰ বাবে ‘Unique QR code’ থাকিব যি কোড ব্যক্তিজনৰ ঘৰলৈ যোৱা স্বাস্থ্য কৰ্মীৰ দলে স্ক্ৰীণিং কৰিব।

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই এপটোৰ জৰিয়তে হোম কোৱাৰেণ্টাইনত থকা লোকসকলক নিৰীক্ষণ কৰি থকাত সুবিধা হ'ব বুলি জানিবলৈ দিয়ে ৷ এই এপটো হোম কোৱাৰেণ্টাইনত থকা লোকসকলে ম’বাইলত ডাউনলোড কৰি ল'ব লাগিব।

সেইদৰে হোম কোৱাৰেণ্টাইনত থকাসকল ঘৰত আছেনে নাই সেয়া পৰীক্ষা কৰিবলৈ এপটোৰ জৰিয়তে তেওঁলোকৰ ম’বাইললৈ মাজে মাজে চেলফী উঠি পঠিয়াবলৈ এলাৰ্ট যাব ৷ এলাৰ্ট লাভ কৰাৰ ৩০০ চেকেণ্ডৰ ভিতৰত ব্যক্তিজনে চেলফী তুলি পঠিয়াব কৰিব লাগিব। ড৹ শৰ্মাই এই এপটো উলিওৱাৰ কাৰণে যোৰহাট জিলা উপায়ুক্তৰ লগতে জিলা প্ৰশাসনক প্ৰশংসা কৰে ।
First published: June 6, 2020, 11:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading