GMCHত লেব’ৰেটৰী উদ্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে বহু কথা

News18 Assam | News18-Assam
Updated:June 17, 2020, 8:22 PM IST
GMCHত লেব’ৰেটৰী উদ্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে বহু কথা
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ হাস্পতালখনৰ তৃতীয়টো মলিকুলৰ বায়’লজী লেব’ৰেটৰীৰ শুভ উদ্বোধন কৰে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ হাস্পতালখনৰ তৃতীয়টো মলিকুলৰ বায়’লজী লেব’ৰেটৰীৰ শুভ উদ্বোধন কৰে।

  • Share this:
স্বাস্থ্যৰ সামান্য উন্নতি হোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে GMCHত লেব’ৰেটৰী উদ্বোধন কৰি ঘোষণা কৰিলে বহু কথা। কোভিড–১৯ৰ যুঁজ অব্যাহত আছে। তাৰ মাজতে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে পুনৰ উপস্থিত হয় GMCHত। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ হাস্পতালখনৰ তৃতীয়টো মলিকুলৰ বায়’লজী লেব’ৰেটৰীৰ শুভ উদ্বোধন কৰে। মলিকুলৰ বায়’লজী লেবটোত কোভিড–১৯ টেষ্ট কৰিব পৰা যাব। স্বাস্থ্য মন্ত্ৰীগৰাকীৰ মতে, এখন হাস্পতালত তিনিটাকৈ মলিকুলৰ লেব থকাটো ৰাজ্যৰ বাবে ভাল খবৰ। সেয়ে নহয় পোনপটীয়াকৈ নমুনা পৰীক্ষা কৰিব পৰাকৈ ভাইৰেল টান্সপ’ৰ্ট মিডিয়া কীটো বুধবাৰে উদ্বোধন কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে। ইফালে, মন্ত্ৰীগৰাকীয়ে  সংবাদ মেলত জনোৱা মতে, এইপৰ্যন্ত ৩ লাখ ২৭ হাজাৰ টেষ্ট কৰা হ’ল য’ত দৈনিক দহ হাজাৰ টেষ্ট সম্ভৱ হৈছে। বুধবাৰৰ পৰা জিএমচিতে এডভান্স মেমোগ্ৰাফী আৰু বায়পছি পৰীক্ষাৰো ব্যৱস্থা কৰিছে চৰকাৰে। কোভিড–১৯ৰ এই যুজঁখনত জয় লাভৰ বাবেই গুৱাহাটীৰ মুঠ দহটা স্থানত বুধবাৰৰ পৰা ৰেনডম কোভিড–১৯ পৰিক্ষা কৰিব স্বাস্থ্য বিভাগে। এই পৰীক্ষা ৩০ জুনলৈ চলিব।
First published: June 17, 2020, 8:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading