‘আমাৰ দিনত ঠেলাৱালা, ৰিক্সাৱালাৰ পুত্ৰও ACS, APS হ’ব পাৰিছে, আমি জাতীয় জীৱন সমৃদ্ধ কৰিব পৰা ৰাজনীতি কৰিছো’- যোৰহাটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ

News18 Assam | News18-Assam
Updated:January 10, 2021, 4:00 PM IST
‘আমাৰ দিনত ঠেলাৱালা, ৰিক্সাৱালাৰ পুত্ৰও ACS, APS হ’ব পাৰিছে, আমি জাতীয় জীৱন সমৃদ্ধ কৰিব পৰা ৰাজনীতি কৰিছো’- যোৰহাটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ
গোলাঘাটৰ পিছত দেওবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় যোৰহাটত।

গোলাঘাটৰ পিছত দেওবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় যোৰহাটত।

  • Share this:
গোলাঘাটৰ পিছত দেওবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় যোৰহাটত। যোৰহাটত আজি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে। আধাৰশিলা স্থাপনৰ পিছতে অনুষ্ঠিত হোৱা সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত কয় যে, ‘আজি যোৰহাটৰ বাবে এটা সৌভাগ্যৰ দিন। ইয়াৰ পূৰ্বৰ ন-আলিৰ উৰণীয়া সেতুখনৰ আধাৰশিলা স্থাপন কৰাৰ পিছত বহুলোকে সন্দেহ ব্যক্ত কৰিছিল যে, এই কাম সম্পূৰ্ণ নহ’ব । কিন্তু বৰ্তমান ৬৫ শতাংশ কাম সম্পুৰ্ণ হোৱা উৰণীয়া সেতুখন এই বছৰৰ ভিতৰতে আমি মুকলি কৰিম। প্ৰায় ৭৮ কোটি টকা ব্যয় সাপেক্ষ দ্বিতীয় খন ফ্লাইঅভাৰৰ নিৰ্মাণৰ কাম অহা ২৪ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব। যোৰহাটত প্ৰায় ৩০০ কিলোমিটাৰ পথ পকী কৰাৰ লগতে ৫২ খন পকা দলং নিৰ্মাণ কৰা হৈছে।’

মন্ত্ৰী শৰ্মাই লগতে কয় যে, ‘ আমি যাতে অহা পাঁচ বছৰত ভাৰতৰ ভিতৰত প্ৰথম পাঁচখন ৰাজ্যৰ ভিতৰত যাতে স্থান লাভ কৰিব পাৰো তাৰ বাবে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছো।আমাৰ চৰকাৰৰ দিনত কাজিৰঙাৰ গড়হত্যা বন্ধ হৈ গল । আমাৰ দিনতে এপিএছচিত ঠেলাৱালা , ৰিক্সাচালকৰ পুত্ৰইয়ো এপিএছ , এচিএছ লাভ কৰিবলৈ সক্ষম হৈছে। আঠ হাজাৰ নামঘৰলৈ আঢ়ৈ লাখকৈ টকা প্ৰদান কৰা হৈছে।’

‘আমি ধুতি-লুঙিৰ ৰাজনীতিৰ পৰা অসমৰ জাতীয় জীৱন সমৃদ্ধ কৰিব পৰা ৰাজনীতি কৰিছো । দুখীয়া মানুহেও শিক্ষাৰ জগতখন স্পৰ্শ কৰাৰ সুবিধা পাব লাগে। ভাৰতৰ ভিতৰত অসমতে কভিড19 ত আক্ৰান্ত হৈ হোৱা মৃত্যুৰ হাৰ কম। অসমৰ ২২ লাখ আই- মাতৃৰ একাউণ্টত প্ৰতি মাহে ৮০০ টকাকৈ জমা কৰাৰ আঁচনি আমি লৈছো। মাইক্ৰফাইনেন্স কোম্পানীৰ লোকে দকাহকা দি ধন সংগ্ৰহ কৰিব নোৱাৰাকৈ আইন প্ৰণয়ন কৰিছো।’- এনেদৰে কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by: Himangshu Bhuyan
First published: January 10, 2021, 4:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি