আদালতত হাজিৰ হিমন্ত বিশ্ব শৰ্মা, কিহৰ বাবে কাঠগড়াত হিমন্ত?

আদালত চৌহদত হিমন্ত বিশ্ব শৰ্মাই কয় যে অখিল গগৈয়ে সংবাদমেলত কোৱা কথা আদালতত অস্বীকাৰ কৰি বিপদত পেলাইছে সংবাদ পত্ৰক।

News18-Assam
Updated:August 22, 2019, 12:58 PM IST
আদালতত হাজিৰ হিমন্ত বিশ্ব শৰ্মা, কিহৰ বাবে কাঠগড়াত হিমন্ত?
আদালত চৌহদত হিমন্ত বিশ্ব শৰ্মাই কয় যে অখিল গগৈয়ে সংবাদমেলত কোৱা কথা আদালতত অস্বীকাৰ কৰি বিপদত পেলাইছে সংবাদ পত্ৰক।
News18-Assam
Updated: August 22, 2019, 12:58 PM IST
গুৱাহাটীৰ ছেছন আদালতত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে তৰা মানহানি গোচৰৰ সাক্ষ্যদান কৰিবলৈ আদালতত হাজিৰ হয় মন্ত্ৰীগৰাকী। ৯ বছৰ পূৰ্বে অখিল গগৈৰ বিৰুদ্ধে গোচৰ তৰিছিল হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিক লৈ সংবাদমেল পাতিছিল অখিল গগৈয়ে। কৃষক নেতাগৰাকীৰ অভিযোগৰ বিৰুদ্ধে মানহানি গোচৰ তৰিছিল হিমন্ত বিশ্ব শৰ্মাই।

আদালত চৌহদত হিমন্ত বিশ্ব শৰ্মাই কয় যে অখিল গগৈয়ে সংবাদমেলত কোৱা কথা আদালতত অস্বীকাৰ কৰি বিপদত পেলাইছে সংবাদ পত্ৰক। অখিলৰ এনে কাণ্ড জে’ল খুৱাইছে বাতৰি কাকতৰ সম্পাদকক। ইফালে, কামৰূপ জিলাত চুপাৰি ছিণ্ডিকেট চলাৰ অভিযোগ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে ছিণ্ডিকেট হোৱা বুলি বাতৰি পৰিৱেশন কৰা সংবাদ পত্ৰই বিচৰাৰ পিছতো দিয়া নাই প্ৰমাণ। প্ৰমাণ দিলেই চৰকাৰে উৎখাত কৰিব ছিণ্ডিকেট। গ্ৰেপ্তাৰ কৰিব ছিণ্ডিকেটৰ সৈতে জড়িত লোককো।
আৰু চাওক পৰৱৰ্তী বাতৰি