কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল, ফাইনেল এতিয়াও বাকী আছে – NRCক লৈ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ

News18-Assam
Updated:September 2, 2019, 12:38 PM IST
কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল, ফাইনেল এতিয়াও বাকী আছে – NRCক লৈ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ
PHOTO : FACEBOOK

NRCত নাম নহা প্ৰকৃত ভাৰতীয়ই ভয় খাব নালাগে আৰু NRCত নাম অন্তৰ্ভুক্ত বিদেশীসকলেও ফূৰ্তি কৰিব নালাগে : হিমন্ত বিশ্ব শৰ্মা

  • News18 Assam
  • Last Updated: September 2, 2019, 12:38 PM IST
  • Share this:
ভূমিপুত্ৰসকলৰ নাম NRCত সোমাব লাগে, তাত কোনো প্ৰশ্নই আহিব নালাগে। তেওঁলোকে দুখ কৰাটোৱে আমাৰ বাবে কষ্টকৰ কথা।

যিসকল প্ৰকৃত ভাৰতীয়ৰ নাম অহা নাই তেওঁলোকে ভয় খাব নালাগে আৰু NRCত নাম অন্তৰ্ভুক্ত বিদেশীসকলেও ফূৰ্তি কৰিব নালাগে।


সকলো স্বদেশীৰ নাম NRCত নোসোমোৱালৈকে আৰু বিদেশীৰ নাম NRCৰ পৰা নোলোৱালৈকে কোনো লোকে শেষ শব্দটো কোৱা উচিত নহয়। এক সাক্ষাৎকাৰত এই মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

হিমন্ত বিশ্ব শৰ্মাই কয় যে এয়া কোৱাৰ্টাৰ ফাইনেলো নহয়। কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল, ফাইনেল বাকী আছে। NRCক লৈ দল–সংগঠনৰ সৈতে যৌথভাৱে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰো পোষকতা কৰে হিমন্ত বিশ্ব শৰ্মাই। NRCৰ পুনৰীক্ষণৰ বাবে আছু, APWৰ সৈতে ন্যায়ালয়ৰ কাষ চপাৰ পোষকতা কৰে মন্ত্ৰীগৰাকীয়ে।

মন্ত্ৰীগৰাকীয়ে কয় – ‘আমি শীঘ্ৰে উচ্চতম ন্যায়ালয়লৈ গৈ ক’ব লাগে যে এই NRCখন গ্ৰহণ নকৰিব। আমাক ২০ শতাংশ পুনৰীক্ষণ লাগে।’ দ্বিতীয়তে, প্ৰকৃত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কথা উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই। তৃতীয়তে, হিমন্ত বিশ্ব শৰ্মাই কয় যে সীমান্ত আৰক্ষীৰ দায়িত্ব এতিয়াই শেষ হোৱা নাই। সীমান্ত আৰক্ষীৰ ভূমিকা এতিয়া আৰু শক্তিশালী হ’ব লাগিব। লিগেচী ডাটাত খেলিমেলি কৰাৰ খবৰ পালে তদন্ত কৰিব পাৰিব আৰু ব্যৱস্থা ল’ব পাৰিব। মই ভাৱো মুখ্যমন্ত্ৰীয়ে সীমান্ত আৰক্ষীক পুনৰ সক্ৰিয় কৰিব লাগে। নেচনেল NRC হ’লে অসম তাৰ অংশ হ’ব, আমি তাৰ বাবে সাজু হ’ব লাগে।’

হিমন্ত বিশ্ব শৰ্মাই কয় যে

আমি এমুঠিমান অসমীয়া মানুহে নিজৰ মাজত কিয় কাজিয়া কৰি থাকিব লাগে, আমাৰ অহংকাৰ ক’ত?


প্ৰতীক হাজেলা সন্দৰ্ভত বিস্ফোৰক অভিযোগ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্বই কয় – মুখ্যমন্ত্ৰীয়ে মতাৰ পিছতো সাক্ষাৎ কৰিবলৈ যোৱা নাছিল প্ৰতীক হাজেলা। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ অস্বীকাৰ কৰিছিল হাজেলাই। কোনোবা নিৰ্দেশনাত উচ্চতম ন্যায়ালয়ে কৈছে নেকি যে আপুনি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব নোৱাৰে। NRC প্ৰকাশৰ পূৰ্বে সামগ্ৰিক পৰিস্থিতিৰ বুজ ল’বলৈ ৩০ আগষ্টত মুখ্যমন্ত্ৰীয়ে মাতিছিল হাজেলাক। কিন্তু হাজেলাই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ নগ’ল। ‘নিউজ লাইভ’ চেনেলৰ সাক্ষাৎকাৰত এই মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading