‘মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য হিমন্ত বিশ্ব শৰ্মা, পৰৱৰ্তী মুখ্যমন্ত্ৰী নিৰ্ধাৰণ কৰিব দল আৰু নিৰ্বাচিত বিধায়কে’

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পীয়ুষ হাজৰিকাই মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য বুলি কোৱাৰ লগে লগেই ৰাজ্যত ৰাজনীতিত চলিছে বিশেষ চৰ্চা।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পীয়ুষ হাজৰিকাই মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য বুলি কোৱাৰ লগে লগেই ৰাজ্যত ৰাজনীতিত চলিছে বিশেষ চৰ্চা।
- News18 Assam
- Last Updated: August 14, 2020, 9:45 PM IST

বিভিন্ন ৰাজনৈতিক অনুষ্ঠানত বিজেপিৰ নেতা সকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেই ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব বুলি মন্তব্য আগবঢ়াই আহিছে। আনকি চৰকাৰ অতি সুস্থিৰ ভাবে চলাই অহা বুলি দাবী কৰি সৰ্বানন্দ সোণোৱাল আকৌ ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাটো নিশ্চিত বুলি দৃঢ়তাৰে প্ৰকাশ কৰি আহিছে বিজেপি একাংশ শীৰ্ষ নেতাই। কিন্তু শুকুৰবাৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ সন্দৰ্ভত নিৰ্বাচিত বিধায়কে সিদ্ধান্ত ল’ব বা হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য বুলি কৰা মন্তব্য এতিয়া বিশেষ ভাবে চৰ্চিত হৈছে ৰাজ্যৰ ৰাজনীতিত। কেৱল মন্ত্ৰী পীয়ুষ হাজৰিকাই নহয়, সাংসদ পল্লৱ লোচন দাসেও এই ক্ষেত্ৰত আগবঢ়াই তাত্পৰ্যপূৰ্ণ মন্তব্য।

উল্লেখযোগ্য যে, হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থকাৰ সময়তো পীযুষ হাজৰিকা, পল্লৱ লোচন দাসকে আদি কৰি বহু কেইজন নেতাই হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পাতিব লাগে বুলি বিসম্বাদৰ আৰম্ভ কৰিছিল। বা তাৰ পৰৱৰ্তী সময়ত হিমন্ত বিশ্বৰ লগতে তেওঁৰ একান্ত অনুগত বুলি জনাজাত আটাইকেইজন নেতা বিধায়কেই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল।
কিন্তু সৰ্বানন্দ সোণোৱালে সুস্থিৰ ভাবে ৰাজ্য চৰকাৰ পৰিচালনা কৰি থকা বুলি ৰাজ্যিক বিজেপিয়ে দাবী কৰি থকাৰ সময়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুই ঘনিষ্ঠ পীয়ুষ হাজৰিকা আৰু পল্লৱ লোচন দাসে কৰা মন্তব্যই এতিয়া বিশেষ তাত্পৰ্যবহন কৰিছে।