মুখ্যপৃষ্ঠা » খবৰ

» অসম

»সৰ্বানন্দ সোণোৱালক এটা আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ! কি এই আহ্বান মুখ্যমন্ত্ৰীৰ ?

সৰ্বানন্দ সোণোৱালক এটা আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ! কি এই আহ্বান মুখ্যমন্ত্ৰীৰ ?

News18 Assam | News18-Assam
Updated:August 26, 2021, 8:56 PM IST
সৰ্বানন্দ সোণোৱালক এটা আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ! কি এই আহ্বান মুখ্যমন্ত্ৰীৰ ?
এতিয়া ৰাজ্যত নিয়োগৰ প্ৰচুৰ সম্ভাৱনা আছে জল পৰিবহণ সেৱাত ৷

এতিয়া ৰাজ্যত নিয়োগৰ প্ৰচুৰ সম্ভাৱনা আছে জল পৰিবহণ সেৱাত ৷

  • Share this:

ৰাজ্যত সংযোজিত হৈছে এটাৰ পাছত আনটো খণ্ড ৷ কিন্তু নতুন খণ্ডত নিয়োগ কৰিবলৈ অসমত অভাৱ উপযুক্ত মানৱ সম্পদ৷ উপযুক্ত মানৱ সম্পদৰ অভাৱত অসম উন্নতিৰ দিশৰ পৰা পিছপৰি ৰ'ব পাৰে। এনে প্ৰসংগতে আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।


অসমৰ ল'ৰা-ছোৱালীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এক প্ৰশিক্ষণ দিব পৰাকৈ মানৱ সম্পদ প্ৰশিক্ষণ প্ৰতিষ্ঠান গঢ়াৰ আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক এক চৰকাৰী অনুষ্ঠানত ৰাজহুৱাকৈ এই আহ্বান জনায় ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷


উদাহৰণস্বৰূপে এতিয়া ৰাজ্যত নিয়োগৰ প্ৰচুৰ সম্ভাৱনা আছে জল পৰিবহণ সেৱাত ৷ এই খণ্ডত নিয়োগ কৰিবৰ বাবে এতিয়া প্ৰয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান অথবা বিশ্ববিদ্যালয়ৰ ৷ এনে হ'লে অসমত জাহাজৰ স'তে কৰ্মৰত লোকৰ অভাৱ দূৰ কৰিব পাৰে প্ৰতিষ্ঠানখনে ৷  কেন্দ্ৰৰ নতুন দায়িত্ব লৈ ৰাজ্যলৈ অহা সৰ্বানন্দ সোণোৱালে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান কিদৰে লয় সেয়া লক্ষণীয় হ'ব।

Published by: Gautam Barman
First published: August 26, 2021, 8:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি