உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Himanta Biswa Sarma: কণীটো যদি ভাঙি দিওঁ মুৰ্গী কেনেকৈ হ'ব? গুণোৎসৱত মুখ্যমন্ত্ৰীৰ মুখত কণী-মুৰ্গীৰ কথা

    Himanta Biswa Sarma: কণীটো যদি ভাঙি দিওঁ মুৰ্গী কেনেকৈ হ'ব? গুণোৎসৱত মুখ্যমন্ত্ৰীৰ মুখত কণী-মুৰ্গীৰ কথা

    Himanta Biswa Sarma: মুখ্যমন্ত্ৰীয়ে কয় যে মুৰ্গিৰ পৰাহে আমি কণী পাওঁ, কিন্তু কণীটো যদি ভাঙি দিওঁ তেন্তে আকৌ মুৰ্গী ক'ৰ পৰা পাম? 

    Himanta Biswa Sarma: মুখ্যমন্ত্ৰীয়ে কয় যে মুৰ্গিৰ পৰাহে আমি কণী পাওঁ, কিন্তু কণীটো যদি ভাঙি দিওঁ তেন্তে আকৌ মুৰ্গী ক'ৰ পৰা পাম? 

    Himanta Biswa Sarma: মুখ্যমন্ত্ৰীয়ে কয় যে মুৰ্গিৰ পৰাহে আমি কণী পাওঁ, কিন্তু কণীটো যদি ভাঙি দিওঁ তেন্তে আকৌ মুৰ্গী ক'ৰ পৰা পাম? 

    • Share this:
    আজিৰ পৰা আৰম্ভ হৈছে গুণোৎসৱ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ছিপাঝাৰৰ ঘোৰাবন্ধা নিম্ন প্ৰাথমিক বিদ্যালয়ত বন্তি প্ৰজ্বলন কৰি গুণোৎসৱৰ শুভাৰম্ভণি কৰে। নিজৰ ভাষণত গুণোৎসৱ (Gunotsav)ক শিক্ষক আৰু সমাজৰ ধৰ্মলৈ পৰিণত হ'ব লাগে বুলি মন্তব্য কৰাৰ লগতে উপস্থিত ছাত্ৰ-ছাত্ৰীৰ সন্মুখত কণী আৰু মুৰ্গিৰ কাহিনীও কয় মুখ্যমন্ত্ৰীয়ে।

    মুখ্যমন্ত্ৰীয়ে কয় যে মুৰ্গিৰ পৰাহে আমি কণী পাওঁ, কিন্তু কণীটো যদি ভাঙি দিওঁ তেন্তে আকৌ মুৰ্গী ক'ৰ পৰা পাম?

    আচলতে ৰাজ্যত টেট শিক্ষক (TET Teachers)ৰ সমস্যা আৰু তেওঁলোকৰ আন্দোলন সম্পৰ্কত মন্তব্য কৰিবলৈ গৈ কণী আৰু মুৰ্গিৰ প্ৰসংগ আনে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ সিক্ষা ব্যৱস্থাত অসুবিধা থকাটো স্বাভাৱিক, কাৰণ অসম এখন দুখীয়া দেশ। কিন্তু অসমখনক ধনী ৰাজ্য কৰিবলৈ হ'লে কৰ্মসংস্কৃতি গঢ়ি তুলিব লাগিব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু কৰ্মসংস্কৃতি (Work Culture)ৰ পৰিৱৰ্তে আজিৰ যুৱচাম ড্ৰাগছ, সুৰা আৰু চান্দা সংস্কৃতিৰ গ্ৰাসত পৰা বাবে ৰাজ্যখনৰ প্ৰগতি  হোৱা নাই বুলি আক্ষেপ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সেয়ে কৰ্মসংস্কৃতি গঢ়িবলৈ শিক্ষকসকলক আৰু সমাজক আগভাগ ল'বলৈও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। সেয়ে কণী এটাৰ পৰা কেনেকৈ এটা মুৰ্গি পাব পাৰি আৰু তাৰ বাবে যে কৰ্মসংস্কৃতিৰ প্ৰয়োজন, সেই প্ৰসংগতে কণী আৰু মুৰ্গীৰ কথা কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
    Published by:Manjumoni Borah
    First published: