• Home
  • »
  • News
  • »
  • assam
  • »
  • Himanta Biswa Sarma : অসমত এতিয়া ৰাৱণৰ ৰাজ চলিছে, মুখ্যমন্ত্ৰী শৰ্মাক ৰাৱণৰ সৈতে ৰিজালে ভূপেন কুমাৰ বৰাই

Himanta Biswa Sarma : অসমত এতিয়া ৰাৱণৰ ৰাজ চলিছে, মুখ্যমন্ত্ৰী শৰ্মাক ৰাৱণৰ সৈতে ৰিজালে ভূপেন কুমাৰ বৰাই

অসমত এতিয়া ৰাৱণৰ ৰাজ চলিছে ,ৰাৱণে সীতাক হৰণ কৰিছিল, হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজৰ সুখ শান্তি হৰণ কৰিছে । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰক ৰাৱণ ৰাজ আখ্যা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। 

  • Share this:
"অসমত এতিয়া ৰাৱণৰ ৰাজ (Ravan Raj) চলিছে, ৰাৱণে সীতাক হৰণ কৰিছিল, হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই অসমৰ ৰাইজৰ সুখ শান্তি হৰণ কৰিছে।" মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোটৰ চৰকাৰক ৰাৱণ ৰাজ আখ্যা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (Bhupen Kumar Bora)ৰ ।

"অসমত বৰ্তমান ৰাৱণ ৰাজ‌ চলাইছে হিমন্ত বিশ্ব শৰ্মাই। ৰাৱণে সিতাক হৰণ কৰাৰ দৰে অসমৰ প্ৰতিটো পৰিয়াল সুখ শান্তি হৰণ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই।" শুক্ৰবাৰে কাৰ্বি পৰিষদ (Karbi Autonomous Council)ৰ নিৰ্বাচন উপলক্ষে ৰহা সমষ্টিৰ অন্তৰ্গত ১ নং দুৱাৰ আমলা সমষ্টিত  অনুষ্ঠিত নিৰ্বাচনী সভাত এই মন্তব্য কৰিলে ভূপেন বৰাই।

আগন্তুক কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচন উপলক্ষে কাৰ্বি পাহাৰত বলিছে নিৰ্বাচন (Council Election)ৰ গৰম বতাহ। কি কংগ্ৰেছ কি বিজেপি (Congress, BJP) সকলো ব্যস্ত নিৰ্বাচনী প্ৰচাৰত। কাৰ্বি পাহাৰলৈ ধাপলি মেলিছে বিভিন্ন ৰাজনৈতিক দলৰ বাঘা বাঘা নেতাই। এফালে যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আনফালে আকৌ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই চলাইছে নিৰ্বাচনী প্ৰচাৰ ।

শুক্ৰবাৰে পৰিষদৰ ১ নং দুৱাৰ আমলা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী বিজয় তেৰাঙৰ  হৈ নিৰ্বাচনী প্ৰচাৰত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। প্ৰচাৰ সভাখনত উপস্থিত থাকি   মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তীক্ষ্ণ সমালোচনা কৰে ভূপেন বৰাই ।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি