মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা(
Himanta Biswa Sarma) নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ছটা মাহ অতিক্ৰম কৰিলে। যোৱা মে’ত শাসনভাৰ গ্রহণ কৰাৰ পিছত অসম আৰক্ষী(Assam Police)ক ড্রাগ্ছবিৰোধী অভিযান চলোৱাৰ বাবে স্বতন্ত্রতা প্রদান কৰিছিল হিমন্ত বিশ্বৰ চৰকাৰে ৷ আৰু তাৰ পিছৰ পৰাই ৰাজ্যজুৰি আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছিল ড্ৰাগছ বিৰোধী অভিযান।
এই ছমাহত এন ডি পি এছ আইনৰ অধীনত ১,৭০০ গোচৰ ৰুজু হোৱাৰ লগতে জব্দ কৰা হৈছে ৩২৫ কোটি টকা মূল্যৰ নিচাযুক্ত সামগ্রী ৷ এই তথ্য প্ৰকাশ কৰিছে কৰিছে অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই ৷
অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (চি আই ডি)–এ নার্ক’টিক্ছ কণ্ট্ৰ’ল ব্যুৰ’ৰ সহযোগত অনুষ্ঠিত কৰা দুদিনীয়া বিশেষ প্রশিক্ষণ কার্যসূচীৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্রদান কৰি সঞ্চালকপ্রধান মহন্তই কয় যে, 'ৰাজ্যখনত ড্রাগ্ছৰ যোগান আৰু চাহিদা যাতে হ্রাস পায়, তাৰ বাবে অসম আৰক্ষীয়ে সুপৰিকল্পিতভাৱে কার্যপন্থা অব্যাহত ৰাখিছে ৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই(
Assam CM Himanta Biswa Sarma) দায়িত্ব গ্রহণ কৰাৰ পাছত বর্তমানলৈ ২,৯০০জন অপৰাধীক কৰায়ত্ত কৰা হৈছে ৷ তদুপৰি ৫০ কিলোগ্রাম হেৰ’ইন, ৩৭ কিলোগ্রাম অ’পিয়াম আৰু ১৩৩খন বাহনো জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে ৷
অনুষ্ঠানতে ড্ৰাগছ ফ্ৰী অসম নামৰ এটা এপো আনুষ্ঠানিক ভাবে মুকলি কৰা হয়। ৰাষ্ট্রীয় তথ্য কেন্দ্রই প্রস্তুত কৰা এই এপটোৰ জৰিয়তে সাধাৰণ ৰাইজে ড্রাগ্ছৰ বিক্রী, সৰবৰাহ, মজুতকৰণ, সেৱন আদি সন্দর্ভত অসম আৰক্ষীক অৱগত কৰিব পাৰিব ৷
আনহাতে,ড্ৰাগছৰ বিৰুদ্ধে নিৰন্তৰ ভাৱে অভিযান অব্যাহত ৰাখিছে এক আৰক্ষীয়ে।বিভিন্ন স্থানত লাভ কৰিছে সফলতা। কিছুদিন পূৰ্বে মহানগৰীৰ গড়চুকত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছিল আৰক্ষীয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|