বিটিচিৰ উন্নয়নৰ ধন অজগৰৰ দৰে গিলিছে হাগ্ৰামাই – বাক্সাৰ নিৰ্বাচনী সভাত ক’লে হিমন্ত বিশ্ব শৰ্মাই

News18 Assam | News18-Assam
Updated:December 4, 2020, 4:33 PM IST
বিটিচিৰ উন্নয়নৰ ধন অজগৰৰ দৰে গিলিছে হাগ্ৰামাই – বাক্সাৰ নিৰ্বাচনী সভাত ক’লে হিমন্ত বিশ্ব শৰ্মাই
হিমন্ত বিশ্ব শৰ্মাই কয় – এইবাৰ বিটিচিত বিজেপি দলে পৰিষদ গঠন কৰিবই৷

হিমন্ত বিশ্ব শৰ্মাই কয় – এইবাৰ বিটিচিত বিজেপি দলে পৰিষদ গঠন কৰিবই৷

  • Share this:
বান্দৰ, মেকুৰী নহয়, এইবাৰ অজগৰ আৰু হাতী৷ বিটিচিত হিমন্ত আৰু হাগ্ৰামাৰ বাকযুদ্ধ এতিয়া তুংগত। আজি পুনৰ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷

বাক্সাৰ ২৫নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী আৰতি বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিপিএফ দলক সমালোচনা কৰে হিমন্ত বিশ্ব শৰ্মাই৷ ইয়াৰ পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায় বিশ কিলোমিটাৰ চাইকেল ৰেলী কৰি নিৰ্বাচনী সভাত ভাগ লয়৷ চাইকেল ৰেলী শেষ কৰি ড০ শৰ্মাই এখন বিশাল নিৰ্বাচনী সভাত ভাষণ ৰাখি কয় যে বিজেপি দলে বিটিচি  নিৰ্বাচনত নমাৰ উদ্দেশ্যেই হল বিটিচিবাসীক সম অধিকাৰ প্ৰাদান কৰা৷

আনহাতে, বিটিচিত হাগ্ৰামাৰ দুৰ্নীতি সংক্ৰান্তত হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামাক এইবাৰ মেকুৰীৰ পৰিৱৰ্তে অজগৰ আৰু হাতীৰ লগত তুলনা কৰে৷ অজগৰে যেনেদৰে সকলো গোটে গোটে গিলে হাগ্ৰামায়ো বিটিচিৰ উন্নয়নৰ টকা গোটে গোটে হজম কৰা বুলি হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে৷

বিটিচিত বিজেপি চৰকাৰ হ’লে ৰাইজে জবকাৰ্ড, চৰকাৰী ঘৰ, শৌচালয় আদিৰ অভাৱৰ পৰা মুক্ত হ’ব বুলি কয় মন্ত্ৰীগৰাকীয়ে৷ বিজেপি চৰকাৰ আহিলে বিটিচিৰ ভিতৰৰ মাটি কিনা–বেচা কৰাৰ অনুমতি সকলো শ্ৰেণীৰ লোকক ১৫ৰ পৰা ২০ দিনৰ ভিতৰত দিয়াৰ ব্যৱস্থা কৰাৰ কথা ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে৷

হিমন্ত বিশ্ব শৰ্মাই কয় – এইবাৰ বিটিচিত বিজেপি দলে পৰিষদ গঠন কৰিবই৷ ইফালে বদৰুদ্দিন আজমলকো তীব্ৰ ভাষাৰে সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে আজমলে বিদেশৰ এটা ফাউণ্ডেচনৰ পৰা ধন আনি এটা অংশ ৰাইজক দি বাকীখিনি নিজে আত্মসাত কৰে৷ আনপিনে হাগ্ৰামা এতিয়া বিচিচিত অতীত বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।
Published by: Sanjay Kumar Das
First published: December 4, 2020, 4:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading