জীপ–ফৰ্চুনাৰ নহয়, এইবাৰ ডাম্পাৰত উঠি নিৰ্বাচনী প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাৰ

নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ড° হিমন্ত বিশ্ব শৰ্মাই নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াক কঠোৰ সমালোচনা কৰে।
নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ড° হিমন্ত বিশ্ব শৰ্মাই নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াক কঠোৰ সমালোচনা কৰে।
- News18 Assam
- Last Updated: March 8, 2021, 9:55 PM IST
মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই নাজিৰা সমষ্টিৰ উন্নয়ন হোৱাটো নিবিচাৰে, তেওঁ কেৱল চিঠি লিখিব জানে আৰু পদপথত বহি প্ৰতিবাদ কৰিব জানে।’’
অখিল গগৈয়ে শিৱসাগৰৰ পৰা নিৰ্বাচন খেলা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অখিল গগৈক শুভেচ্ছা জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘ধৰ্ণা, ধৰ্মঘট, আন্দোলনৰ পৰিৱৰ্তে কোনোবাই যদি সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰি নিজৰ সমস্যাৰ কথা ক'ব বিচাৰে তেওঁক স্বাগতম জনোৱা উচিত। শিৱসাগৰৰ ৰাইজে বিকাশ বিচাৰে, আন্দোলন নিবিচাৰে। শিৱসাগৰৰ ৰাইজে ঐতিহ্য ওভতাই বিচাৰে আৰু শিৱসাগৰৰ ৰাইজে শিৱসাগৰক এখন ঐতিহ্যমণ্ডিত স্থানলৈ আগবঢ়াই লৈ যোৱাটো বিচাৰে। এই কাম ভাৰতীয় জনতা পাৰ্টীয়েই কৰিব পাৰিব।’’