মন্ত্ৰীগৰাকীয়ে এইবাৰ পুনৰ বিজেপি চৰকাৰ হোৱাৰ পিছত ২০২২ চনৰ এপ্ৰিলৰ ভিতৰত ৰাজ্যৰ এক লাখ শিক্ষিত নিবনুৱাক স্থায়ী কৰ্মসংস্থাপন দিয়া হ’ব বুলি ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে এইবাৰ পুনৰ বিজেপি চৰকাৰ হোৱাৰ পিছত ২০২২ চনৰ এপ্ৰিলৰ ভিতৰত ৰাজ্যৰ এক লাখ শিক্ষিত নিবনুৱাক স্থায়ী কৰ্মসংস্থাপন দিয়া হ’ব বুলি ঘোষণা কৰে। মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাইজৰ মাজত থকা জনপ্ৰিয়তা পুনৰ এবাৰ দেখা পোৱা গ’ল যোৰহাটত দেওবাৰে নিশা। প্ৰতিকুল বতৰকো নেওচি মন্ত্ৰীগৰাকীয়ে যোৰহাট নগৰৰ ৰাজপথত বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। নগৰখনৰ বিভিন্ন অঞ্চলৰ মাজেৰে কৰা এই পদযাত্ৰাত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে। হিমন্ত বিশ্ব শৰ্মাক আদৰণী জনাবলৈ তথা এখন ফটো তুলিবলৈ হাজাৰ হাজাৰ লোকে ভিৰ কৰে ৰাজপথত।
নগৰৰ তৰাজান পুজা মন্দিৰৰ পৰা আৰম্ভ কৰা এই পদযাত্ৰা বিভিন্ন অঞ্চলৰ মাজেৰে গৈ নগৰৰ ট্ৰাক ষ্টেণ্ডত অনুষ্ঠিত এখন সভাত অন্ত পৰে। প্ৰায় ছয় কিলোমিটাৰ জোৰা সমদলটোৱে নগৰৰ এ টি ৰোড, তৰুণৰাম ফুকন পথ, তুলসী নাৰায়ণ শৰ্মা পথ, মালৌ আলি, জে বি ৰোড, গড়আলি, ৰূপহী আলি, চেম্বাৰ ৰোড হৈ ট্ৰাক ষ্টেণ্ডলৈকে যায়।
হিমন্ত বিশ্ব শৰ্মাৰ এই পদযাত্ৰালৈ দলীয় নেতা-কৰ্মীৰ পৰা সাধাৰণ ৰাইজৰ সঁহাৰি আছিল অভূতপূৰ্ব। জনপ্ৰিয় নেতাগৰাকীক এবাৰ চাবলৈ, চুবলৈ বৃদ্ধ-বৃদ্ধাৰ পৰা তৰুণ-তৰুণীসকলৰ যি উৎসাহ দেখা পোৱা গ’ল সেয়া অকল্পনীয়। এই সভাতে মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি ৰাণা গোস্বামী আৰু বদৰুদ্দিন আজমলক মোগলৰ সৈতে তুলনা কৰে। মন্ত্ৰীগৰাকীয়ে সভাত এটা স্বৰচিত কবিতাও পাঠ কৰে। তাৰ পিছতে অহা এজাক বৰষুণে আহুকালৰ সৃষ্টি কৰে যদিও বহু লোকে ছাতি লৈ তথা মূৰৰ ওপৰত চকী লৈ মন্ত্ৰীগৰাকীৰ উদাত্ত ভাষণ শুনি যায়।
মন্ত্ৰীগৰাকীয়ে এইবাৰ পুনৰ বিজেপি চৰকাৰ হোৱাৰ পিছত ২০২২ চনৰ এপ্ৰিলৰ ভিতৰত ৰাজ্যৰ এক লাখ শিক্ষিত নিবনুৱাক স্থায়ী কৰ্মসংস্থাপন দিয়া হ’ব বুলি ঘোষণা কৰে। মুঠ ১০ লাখ যুৱকক স্বয়ম আঁচনিত অন্তৰ্ভুক্ত কৰা হ’ব বুলিও ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।
যোৰহাটৰ ৰাইজক সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে যোৰহাটৰ এই নিৰ্বাচন হিতেন্দ্ৰ নাথ গোস্বামী বনাম ৰাণা গোস্বামী নহয়। এই নিৰ্বাচন হৈছে সভ্যতা-সংস্কৃতি বনাম মোগলৰ অগ্ৰাসনৰ বিৰুদ্ধে ৰণ।
"এইবাৰ ৰাইজে দিয়া ভোটে নিৰ্ণয় কৰিব অসমৰ ভৱিষ্যত। বদৰুদ্দিন আজমলক কেৱল ক্ষমতাৰ স্বাৰ্থতে কংগ্ৰেছে আঁকোৱালি লৈছে। এনে অৱস্থাত ৰাণা গোস্বামীক ভোট দিয়া মানেই বদৰুদ্দিনক দিছপুৰৰ কাষ চপাই অনা। এবাৰ যদি বদৰুদ্দিন আজমলে দিছপুৰত বহিবলৈ পায় তেন্তে বৰদোৱাৰ দৰে পৱিত্ৰ স্থান, কাজিৰঙাৰ দৰে সম্পদ অসমৰ বুকুৰ পৰা নিশ্চিহ্ন হৈ যাব।", মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ ৰাইজক উদ্দেশ্যি এনেদৰে কয়।
মুঠৰ ওপৰত যোৰহাটত দেওবাৰে নিশা এটা বৃহৎ নিৰ্বাচনী ঢৌৰ সৃষ্টি কৰে হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে যোৰহাটবাসীৰ যে তেওঁৰ প্ৰতি বিশ্বাস আছে সেয়া ৰাইজৰ উপস্থিতিয়ে প্ৰমাণ কৰি দিছে। নিশা ৮ বজাতো ৰাইজে যি মৰম দিলে সেয়া অবিশ্বাস্য বুলি উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই।
Published by: Sanjay Kumar Das
First published: March 15, 2021, 11:38 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|