হিমন্ত বিশ্ব শৰ্মাঃ শিক্ষা, ৰাজনৈতিক জীৱনৰ পৰা কিছু নজনা কথালৈকে....

News18 Assam | News18-Assam
Updated:May 9, 2021, 4:36 PM IST
হিমন্ত বিশ্ব শৰ্মাঃ শিক্ষা, ৰাজনৈতিক জীৱনৰ পৰা কিছু নজনা কথালৈকে....
নেডাৰ আহ্বায়ক তথা বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে ৰাজ্যৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব।

নেডাৰ আহ্বায়ক তথা বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে ৰাজ্যৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব।

  • Share this:
নেডাৰ আহ্বায়ক তথা বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে ৰাজ্যৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। দেওবাৰে অনুষ্ঠিত হোৱা বিজেপিৰ বিধায়িনী দলৰ বৈঠকত হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰথমে প্ৰস্তাৱ কৰে সৰ্বানন্দ সোণোৱালে।

হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে কিছু কথা-


  • হিমন্ত বিশ্ব শৰ্মাৰ জন্ম- ১ ফেব্ৰুৱাৰী ১৯৬৯ চন

  • জন্ম ঠাই- যোৰহাট

  • পিতৃৰ নাম- প্ৰয়াত কৈলাশ নাথ শৰ্মা

  • মাতৃৰ নাম- মৃণালিনী দেৱী



শিক্ষা

  • প্ৰথমিক শিক্ষা গুৱাহাটীৰ গান্ধীবস্তীস্থিত নতুন শৰণীয়া প্ৰাথমিক বিদ্যালয়ত সমাপ্ত কৰি কামৰূপ একাডেমীৰ পৰা ১৯৭৯ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়।

  • ১৯৮৫ চনত কটন কলেজত কলা শাখাত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তি কৰে।

  • ১৯৮৭ চনত কটন কলেজতে ৰাজনীতি বিজ্ঞানক মেজৰ হিচাপে লৈ স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি কৰে।

  • ১৯৯১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত কটন কলেজতে স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰে।


শিক্ষা-

  • স্নাতকোত্তৰ(ৰাজনীতি বিজ্ঞান)

  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক।

  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা নিৰু হাজৰিকাৰ তত্ত্বাৱধানত ডক্টৰেট ডিগ্ৰী লাভ।


পৰিয়াল-

২০০১ চনত ৰিণিকি ভূঞাৰ সৈতে বৈবাহিক জীৱনৰ আৰম্ভণি কৰে। তেওঁলোকৰ বৰ্তমান দুটা সন্তান।

ৰাজনৈতিক জীৱনঃ

  • ২০০১ চনত কংগ্ৰেছৰ টিকটত প্ৰথমবাৰলৈ জালুকবাৰী সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হয়।

  • ২০০৬, ২০১১ত পুনৰ কংগ্ৰেছৰ টিকটত বিধায়ক নিৰ্বাচিত।

  • পৰৱৰ্তী সময়ত বিজেপিত যোগদান।

  • আৰু ২০১৬ত পুনৰ বিজেপিৰ টিকটত জালুকবাৰী সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত।

  • আৰু ২০২১ৰ বিধানসভা নিৰ্বাচনত একলাখতকৈ অধিক ভোটৰ ব্যৱধানত হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিত বিজয়ৰ হাঁহি মাৰি ৰচনা কৰে এক ইতিহাস।


মন্ত্ৰী হিচাপে শৰ্মা-

  • ২০০১ চনত তৰুণ গগৈৰ মন্ত্ৰী সভাত- কৃষি, পৰিকল্পনা আৰু উন্নয়ন, স্বাস্থ্য, শিক্ষা আৰু বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ।

  • ২০০৬ চনত তৰুণ গগৈৰ চৰকাৰৰ দিনত স্বাস্থ্য, পৰিয়াল কল্যান, তথ্য আৰু প্ৰযুক্তি বিভাগৰ কেবিনেট মন্ত্ৰী।

  • ২০১১ চনত তৰুণ গগৈৰ মন্ত্ৰী সভাত শিক্ষা, স্বাস্থ্য আৰু অসম চুক্তি ৰূপায়ন দপ্তৰৰ মন্ত্ৰী।

  • ২০১৬ চনত সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাত স্বাস্থ্য, শিক্ষা, গড়কপ্তানী, বিত্ত বিভাগৰ মন্ত্ৰী।


হিমন্ত বিশ্ব শৰ্মা বৰ্তমান নেডাৰ আহ্বায়কৰ দায়িত্বতো আছে। লগতে ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতি।

হিমন্ত বিশ্ব শৰ্মাৰ জীৱনৰ কিছু মধুৰ স্মৃতিঃ

  • হিমন্ত বিশ্ব শৰ্মাই ৮০ দশকৰ জনপ্ৰিয় অসমীয়া ছবি ককাদেউতাৰ, নাতি আৰু হাতীত শিশুৰ চৰিত্ৰত অভিনয় কৰিছিল।

  • এগৰাকী তাৰ্কিক হিচাপেও স্কুলীয়া দিনৰ পৰাই হিমন্ত বিশ্ব শৰ্মাৰ আছে সুনাম।

  • হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে- সমাগত সময়, ভিন্ন সময় অভিন্ন মত, এটা সপোনৰ পম খেদি আদি গ্ৰন্থ ৰচনা কৰিছে।

Published by: Himangshu Bhuyan
First published: May 9, 2021, 4:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি