বদৰুদ্দিন আজমলক কটাক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
বদৰুদ্দিন আজমলক কটাক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
‘বজৰুদ্দিন আজমলক মই ঠেংগা কেয়াৰ কৰো। এয়া দেখুৱাই দিছো। আজমলক ভয় কৰি, আজমলে দিয়া গোচৰলৈ ভয় কৰি ৰাজনীতি কৰাতকৈ মই ঘৰত শুই থাকিম।’- এই মন্তব্য ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
‘পাকিস্তান জিন্দাবাদ’ ধ্বনিক লৈ ৰাজ্যৰ ৰাজনীতি এতিয়া তোলপাৰ লাগিছে। প্ৰতিদিনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আক্ৰমণৰ লক্ষ্য কৰি লৈছে সাংসদ বদৰুদ্দিন আজমলক। সেইদৰে বদৰুদ্দিন আজমলেও সুবিধা পালেই সমালোচনা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।
শিলচৰ বিমান বন্দৰত AIUDF প্ৰধান বদৰুদ্দিন আজমল উপস্থিত হোৱাৰ পিছতে একাংশ সমৰ্থকে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া বুলি এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈছিল ছচিয়েল মিডিয়াত। আনকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো নিজৰ ছচিয়েল মিডিয়া ছাইটত বিতৰ্কিত ভিডিঅ’টো আপলোড কৰি পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া সকলক মৌলবাদী, দেশদ্ৰোহী আখ্যা দিছিল।
ইয়াৰ পিছতে বদৰুদ্দিন আজমলে সমগ্ৰ বিষয়তো নস্যাত্ কৰি ঘটনাক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ষড়যন্ত্ৰ আখ্যা দিছিল। আনকি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰো হুংকৰা দিছিল। এতিয়া আজমলে মন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে আইনৰ কাষ চপাৰ সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত মন্ত্ৰী হিমন্তই কয় যে, ‘আজমলক মই ঠেংগা কেয়াৰ কৰো। আজমলক ভয় কৰি, আজমলে দিয়া গোচৰলৈ ভয় কৰি ৰাজনীতি কৰাতকৈ মই ঘৰত শুই থাকিম।’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|