• Home
  • »
  • News
  • »
  • assam
  • »
  • 'আগন্তুক নিৰ্বাচন আমাৰ বাবে জীৱন মৰণৰ নিৰ্বাচন'- কংগ্ৰেছ আৰু বদৰুদ্দিন আজমলক দিছপুৰৰ ১০০ কিলোমিটাৰ ভিতৰত সোমাবলৈ নিদিয়াৰ হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ

'আগন্তুক নিৰ্বাচন আমাৰ বাবে জীৱন মৰণৰ নিৰ্বাচন'- কংগ্ৰেছ আৰু বদৰুদ্দিন আজমলক দিছপুৰৰ ১০০ কিলোমিটাৰ ভিতৰত সোমাবলৈ নিদিয়াৰ হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ

নলবাৰীত অনুষ্ঠিত কৰা হয় বিজেপিৰ বিজয় সংকল্প সমাৰোহ। অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

নলবাৰীত অনুষ্ঠিত কৰা হয় বিজেপিৰ বিজয় সংকল্প সমাৰোহ। অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

নলবাৰীত অনুষ্ঠিত কৰা হয় বিজেপিৰ বিজয় সংকল্প সমাৰোহ। অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

  • Share this:
নলবাৰীত অনুষ্ঠিত কৰা হয় বিজেপিৰ বিজয় সংকল্প সমাৰোহ। অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। লগতে অংশ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ প্ৰায় সকলো শীৰ্ষ পৰ্যায়ৰ নেতাই। বিশাল জনসভাক সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমালোচনাৰে থকা-সৰকা কৰে কংগ্ৰেছ, বদৰুদ্দিন আজমলৰ লগতে নৱগঠিত অসম জাতীয় পৰিষদক।

ভাষণত মন্ত্ৰী শৰ্মাই কয় যে,  'বাবৰৰ দৰে আক্ৰমণকাৰীয়ে ভাঙিছিল ৰামচন্দ্ৰৰ মূৰ্তি। কামাখ্যা মন্দিৰৰ ওপৰত আক্ৰমণ চলিছিল। আৰু আধুনিক যুগত বদৰুদ্দিন আজমলৰ সৈন্যসকলে মহাপুৰুষ শংকৰদেৱৰ পবিত্ৰ ভূমিত আক্ৰমণ কৰিছে।  বিজেপিৰ কাৰ্যকৰ্তা যিমান দিনলৈকে জীয়াই থাকিব, সিমান দিনলৈকে দিছপুৰৰ ১০০ কিলোমিটাৰৰ ভিতৰত বদৰুদ্দিন আজমল আৰু কংগ্ৰেছক সোমাবলৈ দিয়া নহ'ব।'

ইফালে মন্ত্ৰী শৰ্মাই আগন্তুক  নিৰ্বাচন অসমীয়াৰ বাবে জীৱন মৰণৰ নিৰ্বাচন বুলি উল্লেখ কৰে। শৰ্মাই কয় যে,  'অসমৰ বুকুত কিছুমানে মিঞা কবিতা লিখিব খোজে। কিছুমানে মিঞা স্কুল বনাব খোজে। কিছুমানে শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম বনাব খোজে। কিন্তু অসমত বিজেপি যিমান দিনলৈকে জীয়াই থাকিব, সিমান দিনলৈকে অসমত কেৱল শংকৰ আৰু মাধৱৰ জয়গান গোৱা হ'ব। কোনোধৰণৰ মিঞা মিউজিয়াম, স্কুল গঠন কৰিবলৈ দিয়া নহ'ব।

আনহাতে কোৰোণা কালৰ প্ৰসংগ টানি আনি মন্ত্ৰী শৰ্মাই আক্ৰমণৰ লক্ষ্য কৰি লয় আছুক। কোৰোণাৰ সংক্ৰমণৰ সময়ত আছুৰ নেতাসকল মিউজিয়ামত সোমাই আছিল বুলি কটাক্ষ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।  মন্ত্ৰী হিমন্তই জায়ীত পৰিষদক সমালোচনা কৰি কয় যে, 'বৰ্তমান অসম জাতীয় পৰিষদে আজমলৰ সৈতে গোপণ মিতিৰালি কৰিছে। কিন্তু এই মিতিৰালি কৰি লাভ নাই। কাৰণ অসমত আকৌ গঠন হব বিজেপি চৰকাৰ।'
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি