বদৰুদ্দিন আজমলৰ ভৰি চেলেকিব...অজিত ভূঞা–জগদীশ ভূঞাক বদনৰ সৈতে ৰিজালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই!

অবিচি মৰ্চাৰ কাৰ্যনিৰ্বাহকত প্ৰতিনিধি সকলৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মাই উত্তৰ অসমৰ দুৱাৰ মুখত আমাৰ সভ্যতা ধ্বংস কৰিব খোজা সকল আহি পালে বুলি মন্তব্য কৰে ৷
অবিচি মৰ্চাৰ কাৰ্যনিৰ্বাহকত প্ৰতিনিধি সকলৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মাই উত্তৰ অসমৰ দুৱাৰ মুখত আমাৰ সভ্যতা ধ্বংস কৰিব খোজা সকল আহি পালে বুলি মন্তব্য কৰে ৷
- News18 Assam
- Last Updated: October 29, 2020, 3:33 PM IST
বিজেপিৰ অবিচি মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত বক্তৃতা প্ৰদান কৰি সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে সমালোচনাত সৰৱ হৈ পৰে মন্ত্ৰী ডঃ শর্মা। সমালোচনা কৰে এজেপিৰ জগদীশ ভূঞাকো। এনে ব্যক্তিয়েই বদৰুদ্দিন আজমলৰ ভৰি চেলেকা পৰিলক্ষিত হোৱাৰ সময় আহি পৰিল বুলি কটাক্ষ কৰে শৰ্মাই ৷
অবিচি মৰ্চাৰ কাৰ্যনিৰ্বাহকত প্ৰতিনিধি সকলৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মাই উত্তৰ অসমৰ দুৱাৰ মুখত আমাৰ সভ্যতা ধ্বংস কৰিব খোজা সকল আহি পালে বুলি মন্তব্য কৰে ৷
শৰ্মাই লগতে কয়, নাওবৈছা দেখিলে উত্তৰ অসমৰ অস্তিত্ব সংকটত বুলি গম পায় ৷ তেওঁ কয়, ইলেকচন বিজেপিৰ বাবে মোগলক হৰুৱাৰ ৰণ ৷ শেষ বিন্দু তেজ থকালৈকে আজমল বাহিনীক দিছপুৰত সোমাব নিদিও বুলি হুংকাৰ দিয়ে শৰ্মাই৷
বদনে মান অনাৰ দৰে অজিত ভূঞা, জগদীশ ভূঞাই পুনৰ বদৰুদ্দিন আনিব খুজিছে বুলিও কটাক্ষ কৰে মন্ত্ৰীয়ে ৷
ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বিজেপিৰ অবিচি মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত সভাপতি ৰঞ্জিত দাস , গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলেকে আদি কৰি বিজেপি বহুকেইগৰাকী ৰাজ্যিক নেতা উপস্থিত থাকে।