CAAত ক’ত লিখা আছে বিদেশী আহিব বুলি মোক দেখুৱাই দিয়ক, আছুক প্ৰত্যাহ্বান হিমন্ত বিশ্বৰ

News18 Assam | News18-Assam
Updated:December 29, 2019, 6:01 PM IST
CAAত ক’ত লিখা আছে বিদেশী আহিব বুলি মোক দেখুৱাই দিয়ক, আছুক প্ৰত্যাহ্বান হিমন্ত বিশ্বৰ
ৰাজ্যজুৰি অব্যাহত থকা আন্দোলনক লৈ হিমন্ত বিশ্ব শৰ্মাই কয় – ‘গাঁড়ীৰ টায়াৰ জ্বলালে ভয় নকৰে সোণোৱাল-হিমন্তই। আমাক উন্নয়ন–প্ৰগতিৰ পথত কোনেও বাধা দিব নোৱাৰে।’

ৰাজ্যজুৰি অব্যাহত থকা আন্দোলনক লৈ হিমন্ত বিশ্ব শৰ্মাই কয় – ‘গাঁড়ীৰ টায়াৰ জ্বলালে ভয় নকৰে সোণোৱাল-হিমন্তই। আমাক উন্নয়ন–প্ৰগতিৰ পথত কোনেও বাধা দিব নোৱাৰে।’

  • Share this:
‘বিজেপি চৰকাৰলৈ অহাৰ পিছত এটাও বিদেশীক নাগৰিকত্ব দিয়াৰ প্ৰস্তাৱ CAAত নাই। CAAত ক’ত লিখা আছে বিদেশী আহিব বুলি মোক দেখুৱাই দিয়ক।’ – শুৱালকুছিত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আছুক পুনৰ মুকলি বিতৰ্কলৈ প্ৰত্যাহ্বান জনালে হিমন্ত বিশ্বই। মন্ত্ৰীগৰাকীয়ে কয় – ১৯৮৭, ৯২ত নাগৰিকত্ব আইন সংশোধন হওঁতে যি ভুল কৰা হৈছিল তেতিয়া ক’ত আছিল আন্দোলনকাৰী?

এতিয়া জুবিন গাৰ্গকো প্ৰতিখন সভাতে পৰোক্ষভাৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছে হিমন্ত বিশ্ব শৰ্মাই। শংকৰ দেৱ ,মাধৱ দেৱ, ৰাম–কৃষ্ণৰ উদ্ধৃতি দি পুনৰ জুবিনক আক্ৰমণ। শুৱালকুছিত জুবিনৰ নাম নোলোৱাকৈয়ে মন্ত্ৰীগৰাকীয়ে ক’লে – ‘চানমাৰিত ভগৱানক নামানো বুলি শিল্পীয়ে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ কাষত ৰৈ কৈ দিলে। আমি ভগৱান মানো। আমি শংকৰদেৱৰ কথাও ক’ম, কামাখ্যাৰ কথাও ক’ম, এয়া আমাৰ জন্মস্বত্ব অধিকাৰ।’ ৰাইজৰ দ্বাৰাই হিমন্ত বিশ্ব শৰ্মাই দিলে শংকৰ, মাধৱ, ৰাম কৃষ্ণ, কীৰ্তন ঘোষা, নামঘোষাৰ ধ্বনি।

ৰাজ্যজুৰি অব্যাহত থকা আন্দোলনক লৈ হিমন্ত বিশ্ব শৰ্মাই কয় – ‘গাঁড়ীৰ টায়াৰ জ্বলালে ভয় নকৰে সোণোৱাল-হিমন্তই। আমাক উন্নয়ন–প্ৰগতিৰ পথত কোনেও বাধা দিব নোৱাৰে।’

‘আমাৰ সভাত চাচা–মামা নাই, আমাৰ সভাত খুৰা-খুৰী আহিছে। ৰামো আছে, ৰহিমো আছে। ভাড়াতীয়া মানুহ নাহে আমাৰ সভালৈ। সমুজ্জ্বল ভট্টাচাৰ্য আহক শুৱালকুছিলৈ, এজনো যদি ভাড়াতীয়া লোক পাই মই ৰাজনীতি ত্যাগ কৰিম।’ – মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

Published by: Sanjay Kumar Das
First published: December 29, 2019, 6:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading