মুখ্যপৃষ্ঠা »খবৰ »অসম »Himant Biswa Sarma : মামা ইজ বেক! গুৱাহাটীত হিমন্ত বিশ্ব শৰ্মাৰ বিশাল ৰোড শ্বো। ভৰলুমুখৰ পৰা লালগণেশলৈ ৰোলীত ল’লে অংশ।

Himant Biswa Sarma : মামা ইজ বেক! গুৱাহাটীত হিমন্ত বিশ্ব শৰ্মাৰ বিশাল ৰোড শ্বো। ভৰলুমুখৰ পৰা লালগণেশলৈ ৰোলীত ল’লে অংশ।

পশ্চিম গুৱাহাটীৰ অগপ প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ হৈ ৰোড শ্বো কৰিলে হিমন্ত বিশ্বই। অন্তিম দিনা নিজ সমষ্টিতো নিৰ্বাচনী প্ৰচাৰত ল’ব অংশ।

পশ্চিম গুৱাহাটীৰ অগপ প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ হৈ ৰোড শ্বো কৰিলে হিমন্ত বিশ্বই। অন্তিম দিনা নিজ সমষ্টিতো নিৰ্বাচনী প্ৰচাৰত ল’ব অংশ।

  • Share this:
বিশাল ৰোড শ্বোৰে গুৱাহাটী কঁপালে হিমন্ত বিশ্ব শৰ্মাই।  ২৪ ঘণ্টা নিৰ্বাচনী প্ৰচাৰৰ পৰা আতৰি থকাৰ পিছত প্ৰচাৰত ভাগ ল’লে BJPৰ ষ্টাৰ কেম্পেইনাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পশ্চিম গুৱাহাটীৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ হৈ সন্ধিয়া ৰোড শ্বো কৰিলে হিমন্ত বিশ্বই।

নিৰ্বাচন আয়োগে জাৰি কৰা ৪৮ ঘণ্টীয়া নিষেধাজ্ঞা ২৪ ঘণ্টালৈ হ্ৰাস কৰাৰ পিছতে চিৰ পৰিচিত ষ্টাইলত ৰোড  শ্বোত দেখা গ’ল মন্ত্ৰীগৰাকীক।

শনিবাৰে সন্ধিয়া চাৰে ছয় বজাৰ পৰা হিমন্ত বিশ্বই আৰম্ভ কৰে ৰোড শ্বো। ভৰলুমুখৰ সোণাৰাম স্কুল খেলপথাৰৰ পৰা লাল গণেশলৈ বিশাল ৰোড শ্বোত অংশ লয় হিমন্ত বিশ্ব শৰ্মাই।

ৰোড শ্বোত প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আছিল ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকাও।

নিৰ্বাচন আয়োগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিষাধাজ্ঞা হ্ৰাস কৰাত এতিয়া অন্তিম দিনাও নিৰ্বাচনী প্ৰচাৰত ভাগ ল’ব পাৰিব মন্ত্ৰীগৰাকী।

নিৰ্বাচন আয়োগৰ এই সিদ্ধান্তত আশ্চৰ্য প্ৰকাশ কৰি আয়োগৰ নিৰপেক্ষতাত প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে।

শেহতীয়া বাতৰি