মুখ্যমন্ত্ৰীৰ আহ্বানক সহাৰি দি AGPয়ে ক'লে-“পৌৰসভাৰ নিৰ্বাচনত BJP-AGPৰ মিত্ৰতা থাকিব"। জাকিৰ হুছেইন শিকদাৰে ক'লে- “শাসনত থকা BJPয়ে প্ৰথমে ভাল মানুহক টিকট দি বাট দেখুওৱাক ৷”
৬ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যৰ ৮০খন পৌৰসভাৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীয়ে আহ্বান জনোৱাৰ দৰে দলৰ উৰ্দ্ধত গৈ সকলো দলে স্থানীয় ভাল লোকক প্ৰাৰ্থীত্ব দিবনে? বিষয়টো এতিয়া ৰাজ্যৰ সকলো দলৰ মজিয়াত চৰ্চাৰ বিষয় ৷ লগতে আসন্ন পৌৰসভাৰ নিৰ্বাচনত BJP-AGPৰ মাজত বাহাল থাকিব বন্ধুত্ব তথা মিত্ৰতা ৷
“পৌৰসভাৰ নিৰ্বাচনত ভাল মানুহক প্ৰাৰ্থীত্ব দিয়ক ৷ দলৰ উৰ্দ্ধত গৈ সকলো দলে ভাল মানুহক দিয়ক টিকট”- ড° হিমন্ত বিশ্ব শৰ্মা ৷
মুখ্যমন্ত্ৰীৰ এই আহ্বান এতিয়া চৰ্চাৰ বিষয় ৷ লগতে চৰ্চা চলিছে পূৰ্বে কি ভাল মানুহক দিয়া হোৱা নাছিল নেকি টিকট?
এই সন্দৰ্ভত বিৰোধী কংগ্ৰেছৰ বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে ক'লে- “প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ পৰা সকলো পদতে ভাল মানুহ অধিস্থিত হ'ব লাগে ৷ দাগী-অপৰাধীক কোনেও নিবিচাৰে ৷”
লগতে জাকিৰ হুছেইন শিকদাৰে ক'লে- “শাসনত থকা BJPয়ে প্ৰথমে ভাল মানুহক টিকট দি বাট দেখুওৱাক ৷”
ৰাইজৰ হৈ কাম কৰিব বিচৰা, দলৰ উৰ্দ্ধত থাকিব বিচৰা ভাল মানুহক পৌৰসভা, পৌৰ নিগম বা পঞ্চায়তত টিকট দিয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানক সহাৰি জনালে মন্ত্ৰী তথা AGPৰ সভাপতি অতুল বৰাই ৷
ইপিনে আসন্ন পৌৰসভাৰ নিৰ্বাচনত শাসকীয় মিত্ৰজোঁট BJP আৰু AGPৰ মাজত মিত্ৰতা থাকিব বুলি সদৰি কৰিলে AGPৰ সভাপতি অতুল বৰাই ৷
পৌৰসভাৰ নিৰ্বাচনত AGPৰে মিত্ৰতা থাকিব বুলি স্পষ্ট কৰিলে BJPৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|