• Home
  • »
  • News
  • »
  • assam
  • »
  • CM Himanta Biswa Sarma Cabinet Meeting: পেন্সন আঁচনিৰ বাবে নতুন নিয়ম, লগতে আন বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত

CM Himanta Biswa Sarma Cabinet Meeting: পেন্সন আঁচনিৰ বাবে নতুন নিয়ম, লগতে আন বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত

তিনিটা পেন্সন মাহৰ দহ তাৰিখত পাব হিতাধিকাৰীয়ে

তিনিটা পেন্সন মাহৰ দহ তাৰিখত পাব হিতাধিকাৰীয়ে

তিনিটা পেন্সন মাহৰ দহ তাৰিখত পাব হিতাধিকাৰীয়ে

  • Share this:
আজি বুধবাৰ! চৰকাৰ গঠনৰ পিছৰে পৰা প্ৰতিটো বুধবাৰেই অনুষ্ঠিত হৈছে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। আজি অনুষ্ঠিত কেবিনেট বৈঠকতো ৰাজ্যৰ প্ৰশাসনিক প্ৰক্ৰিয়াত কেতবোৰ সংস্কাৰ সাধন কৰাৰ বাবে ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷  লগতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই জিলাৰ প্ৰশাসনিক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব বিতৰণ কৰে ৷

বুধবাৰে পুৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ তৃতীয়খন কেবিনেট বৈঠক ৷ আজি অনুষ্ঠিত হোৱা তৃতীয়খন কেবিনেটত ৰাজ্যৰ প্ৰশাসনিক ক্ষেত্ৰত কেতবোৰ সংস্কাৰ সাধন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

কেবিনেটত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ

  • কুশল কোৱৰ বৃদ্ধ পেন্সন, ইণ্ডিৰা মিৰি বিধৱা পেন্সন বাবে পূৰ্বে বিত্ত বিভাগলৈ চিলিং পঠিয়াব লগাৰ ব্যৱস্থা আছিল। কিন্তু এতিয়া সেই নিময় প্ৰত্যাহাৰ কৰা হয়। ইয়াৰ সলনি জ্যেষ্ঠ সচিবেই এতিয়াৰ পৰা মুকলি কৰি দিব পাৰিব।

  • দীনদয়াল দিব্যাংগ যোজনাৰ ফাইলো সমাজ কল্যাণ বিভাগলৈ পঠিয়াব নালাগে ৷ মাহৰ দহ তাৰিখে পেন্সনৰ টকা পাব হিতাধিকাৰীয়ে ৷ বেংক একাউণ্টত জমা হ'ব হিতাধিকাৰী টকা ৷

  •  বড়োলেণ্ডৰ চাৰিখন জিলাৰ প্ৰশাসনৰ বাবে Welfare of Bodoland নামৰ এটা সুকীয়া বিভাগ গঠন কৰা হয় ৷ পূৰ্বতে বড়োলেণ্ডৰ প্ৰশাসনিক কাম-কাজ WPT বিভাগৰ অধীনত আছিল ৷ লগতে অসম ষ্টাফ কলেজৰ আৰ্হিত বড়োলেণ্ডত Bodoland Staff College স্থাপন কৰাৰ সিদ্ধান্তও ডঃ শৰ্মাৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰে ৷

  • আজিৰ কেবিনেটত কোভিড পৰিস্থিতিৰ সন্দৰ্ভত মন্ত্ৰীসকলে জিলা ভিত্তিক প্ৰতিবেদন মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীৰ হাতত অৰ্পণ কৰে  ৷

Published by:Himangshu Bhuyan
First published: