உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Himanta Biswa Sarma: তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ ক্ষেত্ৰত ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, আৰু কি কি সিদ্ধান্ত লোৱা হ'ল আজিৰ কেবিনেট বৈঠকত?

    Himanta Biswa Sarma: তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ ক্ষেত্ৰত ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, আৰু কি কি সিদ্ধান্ত লোৱা হ'ল আজিৰ কেবিনেট বৈঠকত?

    শুকুৰবাৰে জনতা ভৱনত অনুষ্ঠিত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক।

    শুকুৰবাৰে জনতা ভৱনত অনুষ্ঠিত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক।

    শুকুৰবাৰে জনতা ভৱনত অনুষ্ঠিত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক।

    • Share this:
    শুকুৰবাৰে জনতা ভৱনত অনুষ্ঠিত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক। বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। কেবিনেট বৈঠক সমাপ্ত হোৱাৰ পিছতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী অশোক সিংঘালে সম্বোধন কৰে সংবাদমেল।

    কি কি সিদ্ধান্ত লোৱা হ'ল কেবিনেট বৈঠকত?

    • বিধানসভাত দুখন আইন সংশোধনৰ সিদ্ধান্ত। আইন দুখন হ'ল Assam cattle reserve act আৰু State level police commission।

    • ৩য় আৰু ৪ৰ্থ বৰ্গৰ চাকৰিৰ ৰাজ্যিক পৰ্যায়ত কৰাৰ সিদ্ধান্ত। কিন্তু এতিয়াও জিলা আৰু ৰাজ্য সকলোতে থকা খালী থকা পদ একেলগে পূৰণ কৰিব পৰা হোৱা নাই ৷ APSC নিযুক্তিৰ দৰে এখন নিযুক্তিৰ বাবে এখন বৰ্ড গঠন কৰিব ৷

    • শিক্ষকে ৩০ দিনতকৈ বেছি চুটি ল'লে অতিথি শিক্ষকে পাঠদান কৰাব পাৰিব। অৱসৰপ্ৰাপ্ত শিক্ষক বা জিলা শিক্ষা পৰিদৰ্শকে পাঠ দান কৰিব পাৰিব। পৰিতোষিক হিচাপে ১০হাজাৰ টকা দিব চৰকাৰে।

    • সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ তিনিবছৰলৈ দিয়া হব। পূৰ্বে এবছৰ আছিল নবিকৰণৰ সময়।

    • অসম আন্দোলনৰ শ্বহীদ সকললৈ অনুদান দিয়াৰ উদ্দেশ্য ট্ৰাষ্ট গঠন কৰা হৈছিল। য’ত আছু তিনিজনকৈ সদস্য থাকিব ৷ বছৰি সেই ট্ৰাষ্টলৈ ৫ কোটি টকা অনুদান দিয়া হ'ব ৷

    • ৭৫ তম অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰীৰ আহ্বান মৰ্মে এমাহ বা দুমাহৰ ভিত্তিত পথৰ নাম সলনি কৰা ব্যৱস্থা কৰিব। মিনিচিউপালিটিৰ স্থাপিত হোৱা তাৰিখটোত জন্মদিন পালন কৰা সিদ্ধান্ত লোৱা হ'ব ৷


    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Himangshu Bhuyan
    First published: