
জ্যেষ্ঠ বিধায়কে নতুনলৈ এৰিব লাগিব বাট, কংগ্ৰেছী সংস্কৃতি নচলিব বিজেপিত, জিলা সভাপতিয়ে চৰকাৰী স্কীমত মূৰ নঘমাব, গুজৰাটৰ মডেল জানক বুজক অসমৰ কাৰ্যকৰ্তাই, যুৱ মৰ্চাই গুৰুত্ব দিয়ক সংগঠনক ইত্যাদি ৷ মৰিগাঁৱৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত স্পষ্ট বাৰ্তা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷
জ্যেষ্ঠ বিধায়কে নতুনলৈ এৰিব লাগিব বাট, কংগ্ৰেছী সংস্কৃতি নচলিব বিজেপিত, জিলা সভাপতিয়ে চৰকাৰী স্কীমত মূৰ নঘমাব, গুজৰাটৰ মডেল জানক বুজক অসমৰ কাৰ্যকৰ্তাই, যুৱ মৰ্চাই গুৰুত্ব দিয়ক সংগঠনক ইত্যাদি ৷ মৰিগাঁৱৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত স্পষ্ট বাৰ্তা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷
ক'ৰবাত আক্ষেপ,ক'ৰবাত নতুনৰ বাবে দুৱাৰ মুকলি ৷ দল আৰু চৰকাৰৰ মাজত এফালে সামঞ্জস্য আৰু আনফালে লক্ষ্মণ ৰেখা ৷ জানিব পৰা মতে, মঙলবাৰে মৰিগাঁৱত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ আছিল বাৰ্তাবাহক ৷
জ্যেষ্ঠ বিধায়কে নতুনলৈ এৰিব লাগিব বাট, কংগ্ৰেছী সংস্কৃতি নচলিব বিজেপিত, জিলা সভাপতিয়ে চৰকাৰী স্কীমত মূৰ নঘমাব, গুজৰাটৰ মডেল জানক বুজক অসমৰ কাৰ্যকৰ্তাই, যুৱ মৰ্চাই গুৰুত্ব দিয়ক সংগঠনক ইত্যাদি ইত্যাদি ৷ মৰিগাঁৱৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত এনেকৈয়ে এটা এটাকৈ কঠোৰ সকীয়নি, স্পষ্ট বাৰ্তা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ সংগঠনৰ ক্ষেত্ৰত গুজৰাট মডেলৰ পোষকতা কৰা অসম বিজেপিৰ কাৰ্যনিৰ্বাহকক গুজৰাটৰ উদাহৰণেৰেই নীতি শিক্ষা দিলে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ গুজৰাটৰ ভূজ চহৰত বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰলৈ যাওঁতে হোৱা অনুভৱৰ ব্যাখ্যা কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই ৷ সেই সময়ত টিকট নোপোৱা এগৰাকী ৰাজ্যিক মন্ত্ৰীয়ে তেওঁৰ ঠাইত টিকট পোৱা এজনৰ প্ৰচাৰ সভালৈ লৈ গৈছিল হেনো অসমৰ মুখ্যমন্ত্ৰী গৰাকীক ৷ নিজৰ ঠাইত টিকট লাভ কৰা দলীয় প্ৰাৰ্থীৰ হৈ আগবাঢ়ি অহা সেই মন্ত্ৰীগৰাকীৰ ত্যাগ দেখি অভিভূত হৈছিল ষ্টাৰ কেম্পেইনাৰ ড৹ শৰ্মা ৷ অসমৰ বেলিকা এনে হ'লে এগৰাকী মন্ত্ৰী বা বিধায়কে দলৰ বিৰুদ্ধে গৈ নিৰ্দলীয় হিচাপে নিৰ্বাচন খেলিলেহেতেন বুলি খেদ প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ সেয়ে, টিকট কেন্দ্ৰীক ৰাজনীতি নকৰি সেৱাৰ মনোভাৱেৰে সমৰ্পনৰ ৰাজনীতি কৰিবলৈ গুজৰাটৰ টিকট নোপোৱা সকলৰ পৰা শিক্ষা ল'বলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ বাৰে বাৰে বিধায়ক হোৱাৰ মন নেমেলি নতুনলৈ দুৱাৰ মুকলি কৰি দিবলৈও সকলোকে ক'লে ড৹ শৰ্মাই ৷ চৰকাৰী স্কীম, জে জে এমৰ ঠিকা আদিত মূৰ নঘমাই দলৰ বাবে কাম কৰি যাবলৈ সভাপতি সকলক ক'লে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ একে সুৰতে দলীয় কাৰ্যকৰ্তাই ঠিকা পাবৰ উপযোগী হ'লে পাবই বুলি কৈ বিধায়ক সকলৰ কামত সভাপতিসকলক হস্তক্ষেপ নকৰিবলৈও ক'লে শৰ্মাই ৷ একেদৰে সভাপতিৰ দলীয় সিদ্ধান্তত হস্তক্ষেপ নকৰিবলৈ সকীয়নি দিলে বিধায়কসকলকো ৷ মৰিগাঁৱৰ কাৰ্যনিৰ্বাহকতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আক্ষেপ ৷ আক্ষেপ কংগ্ৰেছী সংস্কৃতি বিজেপিত শিপোৱাৰ ৷ অকল ঠিকা, ব্যক্তিগত লাভালাভৰ আকাংক্ষা কংগ্ৰেছতহে আছিল বুলি কৈ বিজেপিক এইবোৰৰ পৰা আঁতৰি থকাৰ আহ্বান মুখ্যমন্ত্ৰীৰ ৷ নেতাৰ লগত ছেল্ফী কিয়, কাৰ্যনিৰ্বাহকত প্ৰশ্ন মুখ্যমন্ত্ৰীৰ ৷ নেতাৰ লগত ছেল্ফী মৰাত ব্যস্ত নাথাকি নিজকে নেতালৈ উত্তৰণ ঘটাব পৰাকৈ কাম কৰাৰ বাৰ্তা ড৹ শৰ্মাৰ ৷ অকল ইমানেই নহয়, যুৱ মৰ্চাই বৰ্তমানৰ ষ্টাইল, বৰ্তমানৰ গতিত কাম কৰিলে এসময়ত বিজেপি ১০খন আসনতে সীমাৱদ্ধ হ'ব লাগিব বুলিও উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰীগৰাকীৰ ৷ জানিব পৰা মতে, এক কথাত মৰিগাঁৱৰ জিলা পুথিভঁৰালত মঙলবাৰে অনুষ্ঠিত হোৱা বিজেপিৰ কাৰ্যনিৰ্বাহকত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণত ক'ৰবাত যদি সকীয়নি আছিল ,ক'ৰবাত আছিল আক্ষেপ ৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|