মুখ্যপৃষ্ঠা »খবৰ »অসম »কলাক্ষেত্ৰত 'প্ৰাৰ্থনা' আঁচনিৰ শুভ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী, কাইলৈ ৰাজ্যত ১ কোটি ভেকচিন

কলাক্ষেত্ৰত 'প্ৰাৰ্থনা' আঁচনিৰ শুভ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী, কাইলৈ ৰাজ্যত ১ কোটি ভেকচিন

১৫ আগষ্টৰ ভিতৰত এই নতুন আঁচনিৰ জৰিয়তে প্ৰতিখন জিলাত অনুদান দিয়া হ'ব বুলি ঘোষণা কৰে।

১৫ আগষ্টৰ ভিতৰত এই নতুন আঁচনিৰ জৰিয়তে প্ৰতিখন জিলাত অনুদান দিয়া হ'ব বুলি ঘোষণা কৰে।

১৫ আগষ্টৰ ভিতৰত এই নতুন আঁচনিৰ জৰিয়তে প্ৰতিখন জিলাত অনুদান দিয়া হ'ব বুলি ঘোষণা কৰে।

  • Share this:

গৃহমন্ত্ৰী অমিত শ্বাহে আজি তামুলপুৰ মেডিকেল কলেজৰ আধাৰশিলা স্থাপনকে ধৰি 'প্ৰাৰ্থনা' আঁচনিৰ শুভ উদ্বোধনী অনুষ্ঠানত কোভিডত মৃত্যু হোৱা ১০০গৰাকী লোকৰ আত্মীয়ক ১ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰে। শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, বিটিআৰ প্ৰধান প্ৰমোদ বড়োসহ আন ৰাজনৈতিক নেতা, বিষয়া উপস্থিত থাকে।


মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰ অসমক একত্ৰিত কৰাৰ চেষ্টা কৰা কৰাৰ কথা উল্লেখ কৰি কয় যে এই কাম পূৰ্বে কোনেও কৰিব পৰা নাছিল। তেওঁ তামুলপুৰত মেডিকেল কলেজৰ লগতে তামোলপুৰৰ বাবে আন দুটা ভাল খবৰ থকা বুলি উল্লেখ কৰে। সেয়া হৈছে তামুলপুৰ জিলা হিচাপে ঘোষণা হোৱাৰ লগতে বাক্ৰা আৰু তামোলপুৰ সংযোগ হোৱাকৈ পাগলাদিয়া নদীত এখন দলং নিৰ্মাণৰ কথা উল্লেখ কৰে।


আনহাতে বড়ো শান্তি চুক্তিৰ জৰিয়তে অসম একত্ৰিত হোৱাৰ আশা কৰি এই দিশেৰে বড়োসকলৰ বিভিন্ন ক্ষেত্ৰত উন্নত হ'ব বুলি কয়। আনহাতে গুৱাহাটীৰ কেঞ্চাৰ হাস্পতালৰ ৰেডিঅ’ থেৰাপী ব্লক মুকলিৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৰ্ষৰ অন্তত আঠখন কেঞ্চাৰ মেডিকেল কলেজ মুকলি হ'ব বুলি সদৰী কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে ৰাজ্যিক কেঞ্চাৰ হাস্পতাল ৪৮৫ টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে।


জি এম চি এইচৰ ৰাজ্যিক কেঞ্চাৰ হাস্পতালখন উত্তৰ–পূব ভাৰতৰ সৰ্ববৃহৎ কেঞ্চাৰ মেডিকেল হ'ব বুলি কয়। আনহাতে ড০ শৰ্মাই উল্লেখ কৰে যে এই বছৰ লখিমপুৰ মেডিকেল কলেজ মুকলি হ'ব। বৰ্তমান ২৩খন মেডিকেল কলেজৰ কাম চলি থকাৰ বিষয়ে জানিবলৈ দি তেওঁ প্ৰতিবছৰে এখনকৈ মেডিকেল কলেজ মুকলি কৰা হ'ব বুলি উল্লেখ কৰে।


কোভিড প্ৰসংগত ড০ শৰ্মাই কয় যে কোভিডত ৫১১৪গৰাকী লোকৰ মৃত্যু হৈছে, ই মুঠ জনসংখ্যাৰ এক শতাংশ। তেওঁ লগতে আগষ্ট আৰু ছেপ্টেম্বৰত আৰু অধিক ভেকচিন লাভ কৰাৰ আশ্বাস গৃহমন্ত্ৰীৰ পৰা লাভ কৰা বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কাইলৈ ৰাজ্যত ১ কোটি ভেকচিন প্ৰদান সম্পন্ন হ'ব বুলি জানিবলৈ দিয়ে। ইয়াৰ লগতে কোভিডত স্বামীহাৰা হোৱা ৮৭৬ গৰাকী বিধৱা মহিলাক ২.৫০ লাখ টকাৰ সাহায্য বেংকৰ একাউন্টত দিয়া হৈছে বুলি উল্লেখ কৰি ১৫ আগষ্টৰ ভিতৰত এই নতুন আঁচনিৰ জৰিয়তে প্ৰতিখন জিলাত অনুদান দিয়া হ'ব বুলি ঘোষণা কৰে।

শেহতীয়া বাতৰি