‘এটা বিশেষ সভ্যতাই অসমক পৰিকল্পিত ভাবে আক্ৰমণ কৰিছে’- নৱমীৰ দিনা কামাখ্যা মন্দিৰত উপস্থিত হৈ বিস্ফোৰক মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ

News18 Assam | News18-Assam
Updated:October 25, 2020, 2:48 PM IST
‘এটা বিশেষ সভ্যতাই অসমক পৰিকল্পিত ভাবে আক্ৰমণ কৰিছে’- নৱমীৰ দিনা কামাখ্যা মন্দিৰত উপস্থিত হৈ বিস্ফোৰক মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ
মহা নৱমীৰ দিনটোতে কামাখ্যা মন্দিৰত উপস্থিত হ’ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মহা নৱমীৰ দিনটোতে কামাখ্যা মন্দিৰত উপস্থিত হ’ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

  • Share this:
চলি আছে দুৰ্গা পূজা। এইবাৰ নাই পূৰ্বৰ দৰে উচাহ-উদ্দীপনা। তাৰ মাজতে সমগ্ৰ ৰাজ্যত অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে দুৰ্গা পূজা। আমি মহা নৱমী। মহা নৱমীৰ দিনটোতে কামাখ্যা মন্দিৰত উপস্থিত হ’ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

কামাখ্যা মন্দীৰত উপস্থিত হৈয়ে মন্ত্ৰী শৰ্মাৰ বিস্ফোৰক মন্তব্য, এটা সভ্যতাই অসমক পৰিকল্পিতভাৱে আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লৈছে। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলা আন্দোলনৰ সময়তো নিৰ্দিষ্ট এটা সম্প্ৰদায়ৰ কিছুসংখ্যক লোকে অসম চুক্তিৰ আধাৰত নিৰ্মিত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ধ্বংস কৰিব বিচাৰিছিল।’

ইফালে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ দূৰৰে কথা, অসমৰ কোনো স্থানতে মিঞা সংগ্ৰাহালয় স্থাপন কৰা নহ’ব বুলি স্পষ্ট কৰি দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সাংসদ অজিত কুমাৰ ভূঞাকো সমালোচনা কৰে হিমন্ত বিশ্ব শৰ্মাই। ইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ৰাজ্যবাসীক নৱৰাত্ৰি আৰু বিজয়া দশমীৰ শুভেচ্ছা জ্ঞাপন কৰে।
Published by: Himangshu Bhuyan
First published: October 25, 2020, 2:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading