• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘সৰু কালত নমতা বিয়া খাই ফুৰিছিল হিমন্ত বিশ্ব শৰ্মাই, লোকৰ বাৰীৰ পৰা চুৰি কৰিছিল মধুৰিআম’ – আপোন বিদ্যালয়খনত উপস্থিত হৈ বহু স্মৃতি ৰোমন্থন কৰিলে মুখ্যমন্ত্ৰীয়ে

‘সৰু কালত নমতা বিয়া খাই ফুৰিছিল হিমন্ত বিশ্ব শৰ্মাই, লোকৰ বাৰীৰ পৰা চুৰি কৰিছিল মধুৰিআম’ – আপোন বিদ্যালয়খনত উপস্থিত হৈ বহু স্মৃতি ৰোমন্থন কৰিলে মুখ্যমন্ত্ৰীয়ে

Education Minister Himanta Biswa Sarma inaugurate Deendayal Upadhyay College at Bihali in Biswanath Chariali on 01-09-17. Pix by UB Photos

Education Minister Himanta Biswa Sarma inaugurate Deendayal Upadhyay College at Bihali in Biswanath Chariali on 01-09-17. Pix by UB Photos

আপোন বিদ্যালয়খনত উপস্থিত হৈ প্ৰথমে শ্ৰেণীকোঠাসমূহ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰায় তিনি বছৰ হিমন্ত বিশ্ব শৰ্মাই অধ্যয়ন কৰিছিল এই বিদ্যালয়খনত। তেতিয়াৰ পৰাই আনতকৈ পৃথক আছিল তেওঁ।

  • Share this:
নিজৰ ওপজা দিনটোত আজি জীৱনৰ আদিপাঠ গ্ৰহণ কৰা এল পি স্কুলখনত উপস্থিত হ’ল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ১৯৭৫ চনৰ পৰা ১৯৭৮ চনলৈ হিমন্ত বিশ্ব শৰ্মাই পঢ়িছিল গান্ধীবস্তি মজলীয়া বিদ্যালয়ত। বিদ্যালয়খনৰ পূৰ্বেৰ নাম আছিল নতুন শৰণীয়া প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়খনত প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ পঢ়িছিল হিমন্ত বিশ্ব শৰ্মাই।

আপোন বিদ্যালয়খনত উপস্থিত হৈ প্ৰথমে শ্ৰেণীকোঠাসমূহ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰায় তিনি বছৰ হিমন্ত বিশ্ব শৰ্মাই অধ্যয়ন কৰিছিল এই বিদ্যালয়খনত। তেতিয়াৰ পৰাই আনতকৈ পৃথক আছিল তেওঁ। খেলৰ লগতে আন আন ক্ষেত্ৰতো আছিল প্ৰচূৰ মেধাসম্পন্ন।

বিদ্যালয়ত উপস্থিত হৈ একপ্ৰকাৰ নষ্টালজিক হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে কয়, ‘‘আজিৰ দিনটোত মিটিং কৰিম বুলি অহা নাছিলো। বিদ্যালয়খন চাই যাম বুলি আহিছিলো। গান্ধীবস্তিত দেউতাৰ মাটি আছিল। দেউতা বাহিৰত থকাৰ বাবে ইয়াত আমি পাঁচ ভাই মাৰ সৈতে আছিলো। এইখন বিদ্যালয়ত আমি তৃতীয় শ্ৰেণীৰ পৰা পঢ়িছিলো। গান্ধীবস্তি আমাৰ পৰিচয়। আমি গৰ্ব কৰো গান্ধীবস্তিত থকাৰ বাবে। মোৰ কিছু চিঠি এতিয়াও গান্ধীবস্তিৰ নামত আহে। গান্ধীবস্তিত কিমানৰ মধুৰীআম চুৰি কৰিছিলো ঠিক নাই। কিমান নমতা বিয়া খালো ঠিক নাই। কিমান কাজিয়া কৰিছো, গান্ধীবস্তিৰ ইতিহাসৰ শেষ নাই। মই এতিয়াও সম্পৰ্ক স্থাপন কৰি আছো।’’

‘‘যুগেশ্বৰ দাস ছাৰক মই এতিয়াও স্মৰণ কৰো। তেওঁ আমাক বহু শিক্ষা দিছে। তিনি নম্বৰ বেঞ্চত আমি বহিছিলো। ইয়াত যিমান উৎপাত কৰিছো, ভাবিব নোৱাৰো। আমি পঢ়া বিদ্যালয়খনলৈ এবাৰ যাব লাগে। তেতিয়া শিক্ষানুষ্ঠানখন আগুৱাই যাব। ডেৰাদুনত প্ৰাক্তন ছাত্ৰ–ছাত্ৰীসকলে একোটাকৈ বিদ্যালয়ত বিল্ডিং বনাইছে। কিন্তু কোনো কাৰো নাম উল্লেখ নকৰে।’’ – ক’লে হিমন্ত বিশ্ব শৰ্মাই।

বিদ্যালয়খনলৈ তিনি কোটি টকা আগবঢ়োৱাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয়, এই তিনি কোটি টকাৰে বিদ্যালয়খন নতুন ৰূপ দিয়ক। অহা দুই তিনি বছৰৰ ভিতৰত এই বিদ্যালয়খনক এক অনন্য ৰূপ দিয়ক। গন্ধিবস্তিৰ অসুবিধাসমূহৰ বাবে মই পিডব্লিউডিৰ মানুহ পঠাই দিম। আপোনালোকে সমস্যাসমূহ ক’ব।
Published by:Sanjay Kumar Das
First published: