৮ জুন পৰ্যন্ত ৰাজ্যৰ ধৰ্মীয় অনুষ্ঠানসমূহত লক ডাউন অব্যাহত থাকিব বুলি চৰকাৰী নিৰ্দেশনা আছে। এই লকডাউনৰ মাজতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম জয়ন্তী উপলক্ষে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জন্ম জয়ন্তী উপলক্ষে পুৱাই সাংসদ পল্লৱলোচন দাস, ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাক লগত লৈ মন্ত্ৰী গৰাকী নামঘৰত উপস্থিত হৈ শৰাই-বন্তি আগবঢ়াই নেদেখাজনৰ ওচৰত আঁঠু লয়।প্ৰায় ৭২ দিনৰ অন্তত ঢেকীয়াখোৱা বৰনামঘৰৰ আধ্যাত্মিক পৰিবেশৰ লগত নিজকে বিলীন কৰি সন্তুষ্টি প্ৰকাশ কৰি তেওঁ কয় -- আজি নামঘৰৰ এই পৰিবেশত আহি সঁচাই মন প্ৰফুল্লিত হৈ পৰিছে।
প্ৰায় ১৫ মিনিট সময় নামঘৰৰ ভকত বৈষ্ণৱৰ লগত কটাৱ , নামঘৰৰ ইতিবৃত্তৰ লগতে গুৰুজনাই জ্বলাই যোৱা অক্ষয় বন্তিগছিৰ সন্দৰ্ভত জানিবলৈ চেষ্টা কৰে মন্ত্ৰী গৰাকীয়ে। ইপিনে ৰাজ্যৰ পৰিস্থিতি সুস্থিৰ হোৱাৰ পাছত পুনৰ নামঘৰলৈ দীঘলীয়া সময় লৈ অহা কথা সদৰি কৰি মহাপুৰুষ দুজনাৰ আদৰ্শ, সৃষ্টিৰাজি অন্ত:কৰণেৰে স্মৰণ কৰে ডঃ শর্মাই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|