‘২০২১ত মন্ত্ৰী, মুখ্যমন্ত্ৰী হোৱাৰ লক্ষ্য নহয়, ঔৰংজেৱক খেদিবলৈ একো একোজন লাচিত হোৱাৰ লক্ষ্য লওক’- বিজেপিৰ কাৰ্য নিৰ্বাহক সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ

কৰিমগঞ্জত চলি থকা অসম ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত বৃহস্পতিবাৰে উপস্থিত থাকে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
কৰিমগঞ্জত চলি থকা অসম ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত বৃহস্পতিবাৰে উপস্থিত থাকে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
- News18 Assam
- Last Updated: December 24, 2020, 4:39 PM IST
ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে, ‘বিটিচিৰ নিৰ্বাচনে বিজেপিৰ অশ্বমেধৰ যজ্ঞ সম্পন্ন কৰিলে। আজি সমগ্ৰ অসমতে বিজেপিয়ে বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে। বড়োলেণ্ডৰ বিজয়ে নিশ্চিত কৰিছে ২১ত বিজেপিৰ চৰকাৰ হ'ব। কোৰোণা, ল’কডাউনৰ সময়ত যেনেদৰে বিজেপিৰ কাৰ্যকৰ্তাসকলে ৰাইজক সহায় কৰিছিল তাৰবাবে প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰিছিল। জাতি, মাটি ৰক্ষাৰে অসমক ভাৰতৰ ৫খন শ্ৰেষ্ঠ ৰাজ্য কৰাৰ প্ৰাকমুহুৰ্তত আমি থিয় হৈছো। জনসংঘৰ দিনৰ পৰা যিসকলৰ ত্যাগে বিজেপিক আজিৰ পৰ্যায়লৈ আনিলে তেওলোকক সোঁৱৰিছো। আমাৰ সন্মুখত প্ৰত্যাহ্বান আছে, বিজেপি কিন্তু কেৱল এটা ৰাজনৈতিক দল নহয়, বিজেপিত আমি যোগ দিছিলো এটা লক্ষ্য উদ্দেশ্য লৈ, শাসনৰ বাঘজৰী হাতত ল'ম বুলি নহয়।’
‘এটা জটিল সন্ধিক্ষণত এক নতুন লক্ষ্য সংকল্পৰে ১৪ত বিজেপিয়ে চৰকাৰ কৰিলে। ১৬ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণেৱালৰ নেতৃত্বত চৰকাৰ হ'ল। এই ৫ বছৰত আমি সুশাসন কি আমাৰ চৰকাৰে দেখুৱাই দিলে। গঁড়হত্যা কৰা চোৰংচিকাৰীবোৰ ক'ত লুকাল, যুৱতীৰ গাত হাত দিয়াসকল ক'ত গ'ল। সত্ৰ দখল কৰাসকলৰ পৰা জাতিটোক উদ্ধাৰ কৰা হ'ল, কোনেও আৰু তেওঁলোকক ৰঙাচকু দেখুৱাব নোৱাৰে। কংগ্ৰেছৰ দিনৰ ১৬ হাজাৰ কোটিৰ বোজা আমি বহন কৰি সুস্থিৰ অৱস্থালৈ আহিলো।’
‘প্ৰতিটো আঁচনিৰ কামেৰে সকলো পৰ্যায়ৰ লোকক আমি সামৰি লৈছো, বিকাশৰ নতুন দিগন্ত কঢ়িয়াই আনিছো। অমিত শ্বাহ আহি ৮ হাজাৰ নামঘৰলৈ ২.৫ কোটি কৈ আগবঢ়াব।চাইকেল নহয় স্কুটি দিম বুলি কওতে আমাক হাঁহিছিল, আজি আমি দেখুৱাই দিলো। আজি আমি বিকাশৰ প্ৰতিটো মাইলৰ খুটা স্পৰ্শ কৰিবলৈ সক্ষম হ'লো। আন আন ৰাজ্যসমূহে যেতিয়া চৰকাৰী কৰ্মচাৰীক দৰমহা দিয়া নাছিল আমি প্ৰথম সপ্তাহতে দৰমহা প্ৰদান কৰিছিলো। জাতিটোৰ জীৱনলৈ সমন্বয় আৰু ঐক্যতানৰ সংগীত শুনিবলৈ পাইছো। প্ৰতিগৰাকী মানুহৰ মনত বিজেপিয়ে স্থান দখল কৰিছে।’
ৰিপুণ বৰাৰ প্ৰসংগ টানি আনি মন্ত্ৰী শৰ্মাই কয় যে, ‘ৰিপুণ বৰাই সংবাদমেলত কান্দি কান্দি কয় সকলো একলগ হ'ব লাগে। বাঘে-চাগে একেটা ঘাটত পানী খাইছে মানে আমি শক্তিশালী হৈ আছো। প্ৰতীক হাজেলাৰ অহমিকাৰ বাবে NRC অসম্পূৰ্ণ হৈ থাকিল। বিজেপিয়ে প্ৰতিগৰাকী হিন্দুক প্ৰকৃত মৰ্যাদা দিয়া লক্ষ্য আমাৰ আছে। অসম চুক্তিৰ ৬নং দফাৰ জৰিয়তে জাতিটোৰ সুৰক্ষাৰো কাম আমি কৰিম। বদৰুদ্দিন আজমলৰ নেতৃত্বত সনাতনী সভ্যতাৰ প্ৰতি প্ৰত্যাহ্বান আহিছে। কলাক্ষেত্ৰ ভঙাৰ বেদনা মাৰ নাযাওতেই, শ্বেৰমান আলীয়ে মিঞা মিউজিয়ামৰ কথাৰে আক্ৰমণ কৰিলে।’