আলোচনালৈ আহিব নেকি পৰেশ বৰুৱা! কি আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ

News18 Assam | News18-Assam
Updated:January 28, 2020, 11:59 AM IST
আলোচনালৈ আহিব নেকি পৰেশ বৰুৱা! কি আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ
বড়ো শান্তি চুক্তিক এক ঐতিহাসিক চুক্তি বুলি অভিহিত কৰে হিমন্ত বিশ্ব শৰ্মাই।

বড়ো শান্তি চুক্তিক এক ঐতিহাসিক চুক্তি বুলি অভিহিত কৰে হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:
তৃতীয়খন বড়ো শান্তি চুক্তিৰ পিছত এইবাৰ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাকো মূল সুঁতিলৈ উভতি আহিবলৈ আহ্বান জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি এক সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাই কয় যে বড়ো শান্তি চুক্তিৰ দৰেই আলফাৰ লগতো শান্তি আলোচনা কৰিব কেন্দ্ৰীয় চৰকাৰে।

বড়ো শান্তি চুক্তিক এক ঐতিহাসিক চুক্তি বুলি অভিহিত কৰে হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে কয় – এই চুক্তিৰ উল্লেখনীয় দিশটো হ’ল অসমৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰাটো। এই চুক্তিৰ পিছত পৃথক ৰাজ্যৰ দাবী আৰু নাথাকিব।

আনহাতে, বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইক লৈও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। হিমন্ত বিশ্ব শৰ্মাই কয় – ‘হীৰেন গোহাঁয়ে সদায়েই মুছলমান মৌলবাদীৰ পক্ষ লৈছে।’
আৰু চাওক
পৰৱৰ্তী বাতৰি