‘১তাৰিখে ৰঞ্জিত দাস ডাঙৰীয়ালৈ পত্ৰ লিখিম, অহাবাৰ নিৰ্বাচন নেখেলো’ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

News18 Assam | News18-Assam
Updated:January 13, 2020, 9:34 PM IST
‘১তাৰিখে ৰঞ্জিত দাস ডাঙৰীয়ালৈ পত্ৰ লিখিম, অহাবাৰ নিৰ্বাচন নেখেলো’ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা
৫২জন বিধায়ক লৈয়ে মুখ্যমন্ত্ৰী হ’ব নোৱাৰিলো। এতিয়া আৰু মুখ্যমন্ত্ৰী হোৱাৰ আশা লৈ বিজেপিত থকা নাইঃহিমন্ত বিশ্ব।

৫২জন বিধায়ক লৈয়ে মুখ্যমন্ত্ৰী হ’ব নোৱাৰিলো। এতিয়া আৰু মুখ্যমন্ত্ৰী হোৱাৰ আশা লৈ বিজেপিত থকা নাইঃহিমন্ত বিশ্ব।

  • Share this:
২০২১ চনত বিধানসভাৰ নিৰ্বাচন নেখেলে বুলি আজি পুনৰ ঘোষণা কৰিছে বিজেপিৰ মন্ত্ৰী হিমন্তই বিশ্বই। অসম বিধানসভাৰ বিশেষ অধিৱেশনৰ সময়তে সদনৰ মজিয়াত নিজৰ বক্তব্যৰ মাজত এই ঘোষণা মন্ত্ৰীজনৰ।

“মইতো ১ ফেব্ৰুৱাৰিত ৰঞ্জিত দাস ডাঙৰীয়াক পত্ৰ দিমেই যে মই নিৰ্বাচন নেখেলো”, তেওঁ বিজেপিত মুখ্য মন্ত্ৰী হোৱাৰ আশা লৈ আছে বুলি বিৰোধীয়ে কৰি অহা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়াৰে হিমন্ত বিশ্বৰ মন্তব্য, “মোক সুবিধাবাদী আখ্যা দি লাভ নাই”

ইয়াৰ আগতেও মন্ত্ৰীজনে “২০২১-ৰ পিছত নিৰ্বাচন নেখেলো” বুলি মন্তব্য কৰি আহিছে। সদনত পুনৰ একেটা কথা দোহাৰি হিমন্ত বিশ্বই কয়, “বিজেপিক জিকাইহে ৰাজনীতি এৰিম”।

যথেষ্ট দীঘলীয়াকৈ সদনত উদাত্ত ভাষণ দিয়া মন্ত্ৰীজনে অসম চুক্তিৰ পৰা CAA-ৰ লৈকে বিভিন্ন বিষয় সামৰি লয়।

CAA সন্দৰ্ভত লোকসভাত কংগ্ৰেছৰ স্থিতি সমালোচনা কৰি কয় যে কংগ্ৰেছে বিধেয়কখন ধৰ্মনিৰপেক্ষ নহয় বাবেহে আপত্তি কৰিছিল আৰু কেতিয়াও অসম চুক্তিৰ উলংঘাৰ প্ৰসংগ উত্থাপনেই কৰা নাছিল।

হিন্দু ধৰ্মক উদাৰ আৰু সামগ্ৰিক আখ্যা দি হিমন্ত বিশ্বই কয়, “হিন্দুসকলে কেতিয়াও মছজিদ, গীৰ্জা ভঙাৰ নজিৰ নাই”। অৱশ্যে মন্ত্ৰীজনৰ এই মন্তব্যত হস্তক্ষেপ কৰি “বাবৰি মছজিদ কোনে ভাঙিছিল” বুলি উভতি ধৰে একাংশ বিধায়কে।

হিন্দুত্বৰ উদাৰতাৰ কথা আখৈ ফুটাদি ফুটা হিমন্ত বিশ্বই অনৰ্গল কৈ গ’ল  হিন্দুৱে কেতিয়াও মন্দিৰ, মছজিদ, সত্ৰৰ মাটি বেদখল কৰা নাই। হিমন্ত বিশ্ব শৰ্মাই সদনত একাংশ মুছলমান লোকৰ মনোবৃত্তি উদঙাই দিবলৈ জমিয়ত উলেমা হিন্দে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ পৰামৰ্শ কমিটীক দিয়া স্মাৰকপত্ৰৰ একাংশ পঢ়ি দিয়ে।

ইতিহাসৰ অপবাখ্যাই তেওঁক বিদ্ৰোহী কৰি তোলাৰ কথা কয় শক্তিশালী মন্ত্ৰীজনে।
আৰু চাওক
পৰৱৰ্তী বাতৰি