உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • এই সকললৈ ৰাজ্য চৰকাৰে আগবঢ়াব ৫ লাখ টকাৰ সাহায্য, দিব এটাকৈ চৰকাৰী চাকৰি- ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    এই সকললৈ ৰাজ্য চৰকাৰে আগবঢ়াব ৫ লাখ টকাৰ সাহায্য, দিব এটাকৈ চৰকাৰী চাকৰি- ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    • Share this:
    বৰ্তমান কম্পিউটাৰৰ ঠাই দখল কৰিছে বন্দুকে আৰু কলা সংস্কৃতিৰ স্থান লৈছে গ্ৰেনেডে। গতিকে আৰ্থিক, সামাজিক,  শৈক্ষিক, ৰাজনৈতিক আদি সকলো ক্ষেত্ৰতে বৰ্তমান সময়ত অতি দুৰ্বল হৈ পৰা এসময়ৰ শৌৰ্য -বীৰ্য সম্পন্ন কোঁচ -ৰাজবংশী  জনগোষ্ঠটোক পূৰ্বৰ পৰ্যায়লৈ নিবলৈ হ’লে জনগোষ্ঠীটোৰ যুৱক -যুৱতীসকল উচ্চ শিক্ষাৰে শিক্ষিত হৈ কলা-সংকৃতিবান হ’ব লাগিব।’-বৃহস্পতিবাৰে ধুবুৰী জিলাৰ কাচখানাত অনুষ্ঠিত হোৱা আক্ৰাছুৰ ২০সংখ্যক কেন্দ্ৰীয় শ্বহীদ দিৱসৰ মুকলি সভাত মুখ্য অতিথিৰ হিচাপে অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

    ইয়াৰ উপৰি ভাষণ প্ৰসংগত মন্ত্ৰী ড° শৰ্মাই কয় যে, ‘অসমৰ থলুৱা জনগোষ্ঠীয় লোকসকলৰ মাটি আনৰ হাতলৈ গুচি গৈছে আৰু যাতে বাকী থকা মাটিখিনি আনৰ হাতলৈ গুচি নাযায় তাৰ বাবে অসম চৰকাৰে অতি সোনকালে ভূমি আইন প্ৰস্তুত কৰিব। চিকিৎসক, অভিযন্তা, পলিটেকনিক আদি শিক্ষাৰ ক্ষেত্ৰত কোঁচ ৰাজবংশী ছাত্র ছাত্ৰীৰ বাবে আসন সংৰক্ষণ কৰা হ'ব। APSC, UPSCৰ পৰীক্ষা দিবলৈ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে।’ লগতে ধুবুৰী জিলাৰ গোলকগঞ্জত বিশ্ব মহাবীৰ চিলাৰায় নামেৰে এখন বিশ্ববিদ্যালয় অতি সোনকালে স্থাপন কৰা হ’ব বুলিও ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

    উক্ত সভাতে কমতাপুৰ ৰাজ্য পুনৰ গঠন  আৰু জনগোষ্ঠীটোক জনজাতিকৰণ কৰাৰ  আন্দোলনত প্ৰাণ আহুতি দিয়া এঘাৰটা শ্বহীদৰ পৰিয়ালক এককালীন পাঁচ লাখ টকাৰ আৰ্থিক সাহায্য আৰু  শ্বহীদ পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি দিয়া হ’ব বুলি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।
    Published by:Himangshu Bhuyan
    First published: