নিৰ্বাচনৰ পূৰ্বে ৰাজ্য চৰকাৰৰ বাম্পাৰ অফাৰ! আকৌ চাহ শ্ৰমিকক দিব ৩ হাজাৰকৈ টকা, লগতে অন্যান্য বহু সুবিধা

News18 Assam | News18-Assam
Updated:October 17, 2020, 10:17 AM IST
নিৰ্বাচনৰ পূৰ্বে ৰাজ্য চৰকাৰৰ বাম্পাৰ অফাৰ! আকৌ চাহ শ্ৰমিকক দিব ৩ হাজাৰকৈ টকা, লগতে অন্যান্য বহু সুবিধা
সাংসদ কামাখ্যা প্ৰসাদ তাছাই জানিবলৈ দিয়া মতে, এই ৩৫টা বিধানসভা সমষ্টিৰ অধিকাংশতে এইবাৰ বিজেপিয়ে জয়লাভ কৰাটো নিশ্চিত।

সাংসদ কামাখ্যা প্ৰসাদ তাছাই জানিবলৈ দিয়া মতে, এই ৩৫টা বিধানসভা সমষ্টিৰ অধিকাংশতে এইবাৰ বিজেপিয়ে জয়লাভ কৰাটো নিশ্চিত।

  • Share this:
নিৰ্বাচনৰ পূৰ্বে চাহ জনগোষ্ঠীৰ লোকলৈ বাম্পাৰ অ’ফাৰ ৰাজ্য চৰকাৰৰ। শুকুৰবাৰে যোৰহাটত অনুষ্ঠিত বিজেপি চাহ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ দ্বিতীয় দিনৰ অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই চাহ জনগোষ্ঠীৰ লোকসকলৰ বাবে গ্ৰহণ কৰা বহু বিশেষ পদক্ষেপৰ বিষয়ে ঘোষণা কৰে।

  • অহা নৱেম্বৰ মাহত চাহ শ্ৰমিকসকলৰ ৭ লাখ ৫৯ হাজাৰ বেংক একাউণ্টত ৩ হাজাৰকৈ টকা পুনৰ চৰকাৰৰ তৰফৰ পৰা ভৰাই দিয়া হ’ব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ পূৰ্বেও নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকসকলৰ বেংক একাউণ্টত ৫ হাজাৰকৈ টকা ভৰাই দিয়া হৈছিল।


  • মন্ত্ৰীগৰাকীয়ে চাহ বাগিচাৰ প্ৰতিটো সংস্কৃতি আৰু ভাষা জীয়াই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সেয়েহে নতুন শিক্ষা নীতি প্ৰৱৰ্তন হোৱাৰ পিছত চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলক পঞ্চমমান শ্ৰেণীলৈকে তেওঁলোকৰ নিজৰ ভাষাত পাঠদান কৰা হ’ব বুলি কয় মন্ত্ৰীগৰাকীয়ে। ইয়াৰ বাবে নতুন শিক্ষকৰ ব্যৱস্থা কৰা হ’ব।

  • চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলসমূহত থকা কলেজসমূহত অতিৰিক্ত ১০ শতাংশ আসন চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীৰ বাবে সংৰক্ষণ কৰা হ’ব। অহা ১ আৰু ২ নৱেম্বৰত অসমৰ ১১৯ খন চাহ বাগিচাত হাইস্কুল নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব আৰু ছমাহৰ ভিতৰতে নিৰ্মাণ সম্পূৰ্ণ কৰি এই বিদ্যালয়সমূহত পাঠদান আৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।পৰৱৰ্তী সময়ত এই বিদ্যালয়সমূহ উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীত কৰা হ’ব ।

  • মেডিকেল শিক্ষাত বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাবে পৃথককৈ মুঠ ১৮ খন আসন চাহ জনগোষ্ঠীৰ ছাত্র ছাত্ৰীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ বিভিন্ন মেডিকেল প্ৰফেশ্যনসমূহত চাহ জনগোষ্ঠীৰ লোকসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰি তেওঁলোকক আত্মসংস্থাপনৰ জৰিয়তে আগবঢ়াই নিয়াৰ চেষ্টা কৰা হ’ব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীৰ।



অসমৰ চাহ শ্ৰমিকসকলেও অসমৰ সামাজিক , বৌদ্ধিক ক্ষেত্ৰখনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি কৈ মন্ত্ৰীগৰাকীয়ে আৰু কয় যে, চাহ জনগোষ্ঠীৰ লোকসকলে নিজকে অসমীয়া বুলি পৰিচয় দিব লাগিব। কাৰণ সকলোৰে অংশ গ্ৰহণেৰে জাতি গঠনৰ প্ৰক্ৰিয়া সম্পন্ন হয়। ভাৰতৰ স্বাধীনতাৰ ৭০ বছৰ পাৰ হৈ যোৱাৰ পিছতো চাহ জনগোষ্ঠীৰ লোকসকলৰ যেনে ধৰণে উন্নয়ন হব লাগিছিল তেনে ধৰণে কিন্তু উন্নতি নহ’ল বুলি কয় মন্ত্ৰীগৰাকীয়ে।

" বিদেশত অসমৰ চাহৰ প্ৰশংসা কৰিলে আমি গৌৰৱ অনুভৱ কৰো। কিন্তু আলফাৰ পৰা যেতিয়া ষ্টেটমেণ্ট দিয়া হয় যে, চাহ জনগোষ্ঠীৰ লোকসকল অসমীয়া নহয়  তেতিয়া কিন্তু আমি প্ৰতিবাদ কৰিবলৈ ভয় কৰো। আমি অসমৰ ৬৫ শতাংশ লোকে নিজৰ নিজৰ পৰিচয় লৈ জীয়াই আছো। কিন্তু মধ্য আৰু নামনি অসমত ৩৫ শতাংশ লোকে কেৱল এটা পৰিচয় লৈ জীয়াই আছে। যিসকলে এই ৬৫ শতাংশ লোকৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰে তেওঁলোক আমাৰ সভ্যতাৰ শত্ৰু। আমি এই পণ লব লাগিব যাতে কেতিয়াও আজমলক দিছপুৰৰ গাদী দখল কৰিবলৈ নিদিও। " মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সকলোকে এনেদৰে আহ্বান জনায় ।

নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰী গৰাকীৰ এই ঘোষণাসমূহ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। উল্লেখ্য অসমৰ ৩৫টা বিধানসভা সমষ্টিত চাহ জনগোষ্ঠীৰ লোকসকলে নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। আগন্তুক নিৰ্বাচনত এসময়ত কংগ্ৰেছৰ দখল থকা এই সমষ্টিসমূহত বিজয় সাব্যস্ত কৰিবলৈ বিশেষ গুৰুত্ব প্ৰদান কৰিছে বিজেপি নেতৃত্বই। সাংসদ কামাখ্যা প্ৰসাদ তাছাই জানিবলৈ দিয়া মতে, এই ৩৫টা বিধানসভা সমষ্টিৰ অধিকাংশতে এইবাৰ বিজেপিয়ে জয়লাভ কৰাটো নিশ্চিত।
Published by: Himangshu Bhuyan
First published: October 17, 2020, 10:16 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading