• Home
  • »
  • News
  • »
  • assam
  • »
  • Himanta Biswa Sarma|Mamata Banerjee: দাৰ্জিলিঙৰ ৰাজভৱনত একেলগে মমতা বেনাৰ্জি আৰু হিমন্ত বিশ্ব শৰ্মা। ৰাজনৈতিক মহলত ব্যাপক চৰ্চা

Himanta Biswa Sarma|Mamata Banerjee: দাৰ্জিলিঙৰ ৰাজভৱনত একেলগে মমতা বেনাৰ্জি আৰু হিমন্ত বিশ্ব শৰ্মা। ৰাজনৈতিক মহলত ব্যাপক চৰ্চা

Himanta Biswa Sarma|Mamata Banerjee: দাৰ্জিলিঙত হৈছে নেকি মমতা-হিমন্তৰ বৈঠক? অৱশ্যে এটা বিশেষ উদ্দেশ্যত অসমৰ মুখ্যমন্ত্ৰী দাৰ্জিলিঙলৈ আহিছে, বহুতে তেনেকৈয়ে ভাবে।

  • Share this:
জুলাই মাহৰ মাজভাগত প্ৰচণ্ড গৰমৰ মাজতে দাৰ্জিলিঙ (Darjeeling)ত ৰাজনীতিৰ দুই মহাৰথীৰ উপস্থিতিয়ে  দাৰ্জিলিঙৰ পৰিবেশো গৰম কৰি তুলিছে। পাহাৰত আছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী (Mamata Banerjee) আৰু ৰাজ্যপাল জগদীপ ধনখৰ  (Jagdeep Dhankhar)। তাৰ মাজতে ৰাজ্যপালৰ আমন্ত্ৰণত দাৰ্জিলিং ৰাজভৱনত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)। বুধবাৰে বিয়লি ৩.৩০ বজাত ৰাজভৱনত প্ৰৱেশ কৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। আনহাতে, পশ্চিম বংগৰ ৰাজ্যপাল জগদীপ ধনখৰৰ আমন্ত্ৰণত দাৰ্জিলিঙত উপস্থিত হোৱা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাওঁ ৰাজভৱন পালেগৈ। সূত্ৰ অনুসৰি মুখ্যমন্ত্ৰী দুগৰাকীয়েও হয়তো কথা-বতৰা পাতিছে।

কিন্তু পাহাৰৰ সিপাৰে প্ৰশ্ন, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী থকাৰ সময়তে পাহাৰত অসমৰ মুখ্যমন্ত্ৰীৰ কিয় আবিৰ্ভাৱ হ’ল? সূত্ৰ অনুসৰি হিমন্তৰ এই ভ্ৰমণ সন্দৰ্ভত আনুষ্ঠানিকভাৱে একো কোৱা হোৱা নাই। অৱশ্যে অসমৰ মুখ্যমন্ত্ৰীও মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে বৈঠকত বহিব পাৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ কথা পাতিব পাৰে মুখ্যমন্ত্ৰী দুগৰাকীয়ে।

গতিকে দাৰ্জিলিঙত হৈছে নেকি মমতা-হিমন্তৰ বৈঠক? অৱশ্যে এটা বিশেষ উদ্দেশ্যত অসমৰ মুখ্যমন্ত্ৰী দাৰ্জিলিঙলৈ আহিছে, বহুতে তেনেকৈয়ে ভাবে। ৰাজ্যপাল জগদীপ ধনখৰ পাহাৰলৈ অহাৰ দিনাই অসমৰ মুখ্যমন্ত্ৰী আহিছিল। গতিকে ৰাজনৈতিক বিশেষজ্ঞসকলে ক’বলৈ ভাল পায় যে এই ভ্ৰমণ নিঃসন্দেহে তাৎপৰ্যপূৰ্ণ।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি