নতুন চৰকাৰে কেতিয়া ল’ব শপত? ক’লে হিমন্ত বিশ্ব শৰ্মাই

News18 Assam | News18-Assam
Updated:May 4, 2021, 11:15 AM IST
নতুন চৰকাৰে কেতিয়া ল’ব শপত? ক’লে হিমন্ত বিশ্ব শৰ্মাই
ফাইল ফটো

মুখ্যমন্ত্ৰী কোন হ’ব এই প্ৰসংগক লৈ মন্তব্য কৰিছে বিশ্বজিৎ দৈমাৰীয়ে।

  • Share this:
নিৰ্বাচনী ফলাফলত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত এতিয়া অসমত নতুন চৰকাৰ গঠনক লৈ চলিছে চৰ্চা। মুখ্যমন্ত্ৰী কোন হ’ব সেই প্ৰসংগও এতিয়া চৰ্চাৰ শীৰ্ষত। কিমান দিনৰ ভিতৰত নতুন চৰকাৰে শপতগ্ৰহণ কৰিব? এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে হিমন্ত বিশ্ব শৰ্মাই।

আজি সংবাদ মাধ্যমৰ আগত হিমন্ত বিশ্ব শৰ্মাই কয়,স ‘‘দিল্লীয়ে সকলো নিৰ্ণয় কৰিব। কেতিয়া শপতগ্ৰহণ হ’ব সেয়া দিল্লীত নিৰ্ণয় হ’ব। হয়তো পৰ্যবেক্ষণ কৰিবলৈ সমিতিৰ শীৰ্ষ নেতা আহিব পাৰে গুৱাহাটীলৈ। দুই এদিনতে সকলো সিদ্ধান্ত হ’ব।

ইফালে, মুখ্যমন্ত্ৰী কোন হ’ব এই প্ৰসংগক লৈ মন্তব্য কৰিছে বিশ্বজিৎ দৈমাৰীয়ে। দৈমাৰীয়ে কয় – ‘‘মুখ্যমন্ত্ৰীকেন্দ্ৰীক কোনো আলোচনা হোৱা নাই। মুখ্যমন্ত্ৰীৰ চৰ্চা কেৱল সংবাদ মাধ্যমত। বিজেপিৰ মুখ্যমন্ত্ৰী থকা চৰকাৰত দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰীৰ কথা বিজেপিৰ নীতি–আদৰ্শত নপৰে। সেয়ে কোনো আলোচনা হোৱা নাই। শীঘ্ৰে হ’ব শপতগ্ৰহণ, কিন্তু এতিয়াও নিশ্চিত হোৱা নাই।’’
Published by: Sanjay Kumar Das
First published: May 4, 2021, 11:15 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি