News18 AssamNews18 Assam
|
News18-Assam Updated:January 24, 2020, 6:00 PM IST
অসমৰ সাত নেতাক বিচাৰিছে দিল্লী বিজেপিয়ে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও দিল্লীত চলাব প্ৰচাৰ অভিযান ৷
অসমৰ সাত নেতাক বিচাৰিছে দিল্লী বিজেপিয়ে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও দিল্লীত চলাব প্ৰচাৰ অভিযান ৷
৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব দিল্লী বিধানসভাৰ যুঁজ ৷ অৰবিন্দ কেজৰিৱালক ৰাজপাটৰ পৰা আঁতৰ কৰিবলৈ সৰ্ব শক্তি প্ৰয়োগ কৰিছে বিজেপিয়ে ৷ ইতিমধ্যে আম আদমী পাৰ্টী, বিজেপি আৰু কংগ্ৰেছ প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন ৷ দিল্লীত প্ৰচাৰ চলাবলৈ অসমৰ সাত নেতাক বিচাৰিছে দিল্লী বিজেপিয়ে ৷ দিল্লীত বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ সোণোৱালৰ লগতে ষ্টাৰ কেম্পেইনাৰ হিচাপে নিমন্ত্ৰণ লাভ কৰিছে নেডাৰ আহ্বায়ক তথা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বিগত লোকসভা নিৰ্বাচনত পশ্চিম বঙ্গত বহু কেইখন প্ৰচাৰ সভাত ভাগ লৈ বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছিল মন্ত্ৰী হিমন্ত বিশ্বই ৷ ২০১৫ত শীলা দীক্ষিত নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰক গাদীচ্যুত কৰি দিল্লীৰ মচনদ দখল কৰিবলৈ সক্ষম হোৱা অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপ চৰকাৰক গাদীচ্যুত কৰিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰা বিজেপিয়ে অসমৰ পৰা বিচাৰিছে আৰু পাঁচজন নেতাক ৷ যাৰ ভিতৰত আছে ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে দ্বিতীয় ইনিংছ আৰম্ভ কৰা ৰঞ্জিত দাস, মঙলদৈৰ সাংসদ দিলীপ শইকীয়া, শিলচৰৰ সাংসদ ডা৹ ৰাজদ্বীপ ৰয়, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু উত্তৰ পূৰ্বাঞ্চল বিজেপিৰ সংগঠন প্ৰভাৰী অজয় জামোৱাল ৷ ইতিমধ্যে বিজেপিৰ ৬৭জন প্ৰাৰ্থীৰ লগতে সহযোগী দল JD(U) আৰু LJPৰ ৩জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে ৷