• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘কিছুমান সমালোচনা মূৰ্খই কৰে, প্ৰতিটো নিৰ্বাচনত দিয়াৰ দৰে ২০২১টো কংগ্ৰেছক গ’ল দিম’

‘কিছুমান সমালোচনা মূৰ্খই কৰে, প্ৰতিটো নিৰ্বাচনত দিয়াৰ দৰে ২০২১টো কংগ্ৰেছক গ’ল দিম’

কোভিড১৯ৰ মাজতে ৰাজ্যত লাহে লাহে বলিবলৈ আৰম্ভ কৰিছে আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনৰ বতাহ

কোভিড১৯ৰ মাজতে ৰাজ্যত লাহে লাহে বলিবলৈ আৰম্ভ কৰিছে আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনৰ বতাহ

কোভিড১৯ৰ মাজতে ৰাজ্যত লাহে লাহে বলিবলৈ আৰম্ভ কৰিছে আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনৰ বতাহ

  • Share this:
কোভিড১৯ৰ মাজতে ৰাজ্যত লাহে লাহে বলিবলৈ আৰম্ভ কৰিছে আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনৰ বতাহ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৰোণাৰ পিছতে প্ৰতিদিনাই বিৰোধীক ১০০, ১০০কৈ গ’ল দিয়া হ’ব বুলি কোৱাৰ পিছত বুধবাৰে বিৰোধী শিৱিৰে উভতি ধৰিছিল স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মন্তব্য কৰিছিল 'আমি গ'ল দিলে মনালিছা ইণ্ডিয়াৰ পৰা দিম'।

দেৱব্ৰত শইকীয়াৰ মন্তব্যৰ পিছতে আকৌ এবাৰ মুখ খুলিছে হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে এইবাৰ কয় যে, ‘মোৰ লগত  ধেমালি কৰি লাভ নাই, লোকসভা, বিধানসভা আৰু পঞ্চায়ত নিৰ্বাচনত যিদৰে গ'ল খাইছে এইবাৰো কংগ্ৰেছে গ'ল খাব।'  কিছুমান সমালোচনা মূৰ্খইহে কৰে, মই হতাশাগ্ৰস্ত নহয়, হতাশা হৈছে তেওঁলোকহে।'

আনহাতে জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যায়ত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে ‘Molecular biology laboratory’ । ইয়াৰ লগে লগে অসমত বৰ্তমান ১৬টা কোভিড ১৯ পৰীক্ষাগাৰ মুকলি কৰা হ’ল। এই পৰীক্ষাগাৰটোত এদিনত কৰিব পাৰিব ৪ হাজাৰ পৰীক্ষা। কৃষ্ণ ডায়গনেষ্টিকৰ সহযোগত স্থাপন কৰা হৈছে পৰীক্ষাগাৰটো। শীঘ্ৰেই সোণাপুৰ আৰু আৰ্মী হাস্পতালটো স্থাপন কৰা হ’ব দুটা নতুন লেব।এই লেব সমূহে ৪৮ ঘণ্টাত ২০ হাজাৰ ফলাফল দিব পাৰিব পাৰিব।
Published by:Himangshu Bhuyan
First published: