ৰাহুল গান্ধী কংগ্ৰেছত থাকিলে ৫০ বছৰলৈ বিজেপিৰ চিন্তা নাই : হিমন্ত বিশ্ব

News18-Assam
Updated:May 28, 2019, 3:40 PM IST
ৰাহুল গান্ধী কংগ্ৰেছত থাকিলে ৫০ বছৰলৈ বিজেপিৰ চিন্তা নাই : হিমন্ত বিশ্ব
লোকসভা নিৰ্বাচনৰ ফলাফলত অভূতপূৰ্ব সফলতাৰ পিছত এইবাৰ অসমত আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ১০০খন আসন লাভ কৰাৰ লক্ষ্য বান্ধি লৈছে বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

লোকসভা নিৰ্বাচনৰ ফলাফলত অভূতপূৰ্ব সফলতাৰ পিছত এইবাৰ অসমত আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ১০০খন আসন লাভ কৰাৰ লক্ষ্য বান্ধি লৈছে বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীক তীব্ৰ সমালোচনা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সংবাদ মাধ্যমৰ আগত হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাহুল গান্ধী কংগ্ৰেছৰ সভাপতি হৈ থাকিলে বিজেপিৰ বাবে ভাল। ৰাহুল গান্ধী কংগ্ৰেছত থাকিলে ৫০ বছৰলৈ বিজেপিৰ কোনো চিন্তা নাই।

লোকসভা নিৰ্বাচনৰ ফলাফলত অভূতপূৰ্ব সফলতাৰ পিছত এইবাৰ অসমত আগন্তুক
বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ১০০খন আসন লাভ কৰাৰ লক্ষ্য বান্ধি লৈছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। তাৰ বাবে উন্নয়নমূলক কামেৰে ৰাইজৰ ওচৰলৈ যাব বিজেপি।

ৰাজ্যসভাত কংগ্ৰেছৰ প্ৰাৰ্থিত্বক লৈ হিমন্ত বিশ্ব শৰ্মাই কয় যে যিহেতু ৰাজ্যসভাত এখন আসনত জিকিবলৈ ৪২টা ভোটৰ প্ৰয়োজন আৰু কংগ্ৰেছৰ সেই সংখ্যা নাই, গতিকে ৰাজ্যসভাৰ প্ৰাৰ্থিত্বক লৈ কংগ্ৰেছে তৎপৰতা চলোৱাৰ কোনো প্ৰাসংগিকতা নাই।
আৰু চাওক
পৰৱৰ্তী বাতৰি