• Home
  • »
  • News
  • »
  • assam
  • »
  • বহিঃৰাজ্যত আবদ্ধ লোকলৈ ৰাজ্য চৰকাৰে প্ৰতিমাহে আগবঢ়াব আৰ্থিক সাহায্য

বহিঃৰাজ্যত আবদ্ধ লোকলৈ ৰাজ্য চৰকাৰে প্ৰতিমাহে আগবঢ়াব আৰ্থিক সাহায্য

চৰকাৰী এক তথ্য অনুসৰি ৰাজ্যৰ বাহিৰত এতিয়াও আবদ্ধ হৈ আছে প্ৰায় ২০ লাখ লোক

চৰকাৰী এক তথ্য অনুসৰি ৰাজ্যৰ বাহিৰত এতিয়াও আবদ্ধ হৈ আছে প্ৰায় ২০ লাখ লোক

চৰকাৰী এক তথ্য অনুসৰি ৰাজ্যৰ বাহিৰত এতিয়াও আবদ্ধ হৈ আছে প্ৰায় ২০ লাখ লোক

  • Share this:
চৰকাৰী এক তথ্য অনুসৰি ৰাজ্যৰ বাহিৰত এতিয়াও আবদ্ধ হৈ আছে প্ৰায় ২০ লাখ লোক ৷ এই সকলো লোকক একেলগে উভতাই অনা সম্ভৱ নহয় ৷ যদিওৱা বিশেষ সমস্যাত থকা লোক সকলক উভতাই আনিবলৈ চৰকাৰে গ্ৰহণ কৰিছে কিছু তৎক্ষণিক পদক্ষেপ ৷

সোমবাৰৰ পৰা উত্তৰ পূৱৰ যিকোনো ৰাজ্যত আবদ্ধ হৈ থকা সকল উভতিব পাৰিব অসমলৈ ৷ ইয়াৰ বাবে কোনো ধৰণৰ পাছৰ প্ৰযোজন নাই ৷ কিন্তু উভতি অহা প্ৰতিগৰাকী লোকক সীমান্তত কৰা হ’ব স্বাস্থ্য পৰীক্ষা। আনকি প্ৰয়োজন হ’লে তেওঁলোকক কোৱাৰেণ্টাইন কৰা হ’ব।

অৱশ্যে ছিকিমৰ ক্ষেত্ৰত এই নীতি প্ৰযোজ্য নহ’ব ৷ অৱশ্যে কিছু দিন অপেক্ষা কৰিলে আবদ্ধ তেনে লোকৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ সেৱাও আগবঢ়োৱা হ’ব। ইফালে উত্তৰ পূৱৰ বাহিৰে অন্যান্য ৰাজ্যত আবদ্ধ লোকৰ বাবে ৰাজ্য চৰকাৰে মুকলি কৰিছে এটা বিশেষ মোৱাইল নম্বৰ ৷

ইয়াৰ বিপৰীতে যিসকল লোকে নিজ বাহনৰ জৰিয়তে আহিব বিচাৰে কিন্তু বাহনৰ অনুমতি লাভ কৰা নাই তেওঁলোকে  ‘assamtransportrelief@gmail.com’ লৈ মেইল কৰিলে পাছৰ সুবিধা লাভ কৰিব ৷

আজিৰ সংবাদমেলত মন্ত্ৰী শৰ্মাই বহিঃ ৰাজ্যত আবদ্ধ লোকসকলক উদ্দেশ্যি আন এক ঘোষণা কৰে ৷ আবদ্ধ লোকক ঘূৰাই আনিব নোৱাৰা পৰ্য্যন্ত প্ৰতি মাহৰ ১৫ তাৰিখে তেওলোকক আৰ্থিক অনুদান আগবঢ়াব চৰকাৰে ৷ তেওঁলোকে প্ৰতিমাহে লাভ কৰিব ২ হাজাৰ টকাকৈ।

আনহাতে আবদ্ধ লোকসকল অসমলৈ ঘূৰি আহিলে জনস্বাস্থ্যৰ প্ৰতি যাতে ভাবুকি আহিব নোৱাৰে, তাৰ বাবেও স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে আন এক পদক্ষেপ ৷ বহিঃৰাজ্যৰ পৰা উভতি অহা লোকক শ্ৰীৰামপুৰ, বক্সিহাতত জইণ্ট পোষ্ট দলে কৰিব স্বাস্থ্য পৰীক্ষা ৷ তাৰ  পিছত তেওঁলোকক জিলা ভিত্তিত পঞ্জীয়ণ কৰা হ’ব ৷
Published by:Himangshu Bhuyan
First published: