‘বন্ধ খামত কি আছে চাব নোৱাৰো’, মুখ্যমন্ত্ৰীৰ হাতত জমা দিয়া ৬নং দফাৰ প্ৰতিবেদনকলৈ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

News18 Assam | News18-Assam
Updated:February 25, 2020, 1:03 PM IST
‘বন্ধ খামত কি আছে চাব নোৱাৰো’, মুখ্যমন্ত্ৰীৰ হাতত জমা দিয়া ৬নং দফাৰ প্ৰতিবেদনকলৈ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য
আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত  আনুষ্ঠানিক ভাবে অৰ্পণ কৰা হ’ল অসম চুক্তিৰ ছয় নং দফাৰ চুড়ান্ত প্ৰতিবেদন

আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত  আনুষ্ঠানিক ভাবে অৰ্পণ কৰা হ’ল অসম চুক্তিৰ ছয় নং দফাৰ চুড়ান্ত প্ৰতিবেদন

  • Share this:
আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত  আনুষ্ঠানিক ভাবে অৰ্পণ কৰা হ’ল অসম চুক্তিৰ ছয় নং দফাৰ চুড়ান্ত প্ৰতিবেদন। যদিও কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ হাতত অৰ্পণ কৰিবলগীয়া আছিল, কিন্তু গৃহমন্ত্ৰীয়ে সময় দিব নোৱাৰাৰ বাবে মুখ্যমন্ত্ৰীৰ হাততে দাখিল কৰা হ’ল প্ৰতিবেদন। কিন্তু কি আছে প্ৰতিবেদনত?

সাংবাদিকৰ প্ৰশ্নত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘প্ৰতিবেদনত কি আছে আমিতো চাব নোৱাৰো। বন্ধ খামত চীল কৰা আছে প্ৰতিবেদন। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় গৃহমন্ত্ৰীক দিব প্ৰতিবেদন। গৃহমন্ত্ৰীয়েহে খুলিব পাৰিব বন্ধ খাম। তাৰ পিছত প্ৰতিবেদনৰ ভিত্তিত ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰি পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

লগতে মন্ত্ৰী শৰ্মাই আগন্তুক বিধানসভা অধিবেশনত অসমীয়াৰ সংজ্ঞা নিৰূপনৰ চেষ্টা কৰা হ’ব বুলিও জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, প্ৰতিবেদন গৃহমন্ত্ৰীৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীক অৰ্পণ কৰাকলৈ কিছু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত মন্ত্ৰী শৰ্মাই কয় যে, ‘মুখ্যমন্ত্ৰী চকীখনৰ পদ মৰ্যদা আছে। গতিকে গৃহমন্ত্ৰণালয়ে বিচাৰিছে যে, মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰক অৰ্পণ কৰক ৬ নং দফাৰ প্ৰতিবেদন।’
আৰু চাওক
পৰৱৰ্তী বাতৰি